মৌৰ গুণগত মান সকলোৱে জানে। ৰাতিপুৱা গৰম পানীত নেমুৰ ৰসৰ সৈতে দুটোপাল মৌ খালে বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ হয়। ইয়াৰ উপৰিও চৰ্দি আৰু কাহ হ’লে মৌ খাব পাৰে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে মৌত প্ৰচুৰ পৰিমাণে এন্টিহিষ্টামিন, এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে। এই সকলোবোৰ উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। গতিকে জলবায়ু পৰিৱৰ্তনৰ সময়ত মৌ মহৌষধ হ’ব পাৰে ৷
দিনত গৰম আৰু ৰাতি ঠাণ্ডা। কেতিয়াবা আকৌ পাতলীয়া বৰষুণ। বতৰৰ এই ৰূপৰ লগত খাপ খুৱাবলৈ শৰীৰে অসুবিধা পায়। ফলত ভাইৰাছ আৰু বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা বিভিন্ন ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়। ইয়াৰ উপৰিও এই সময়ত বতাহত থকা পৰাগ, এলাৰ্জেন আদিও বৃদ্ধি পায়। ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যা অস্বাভাৱিক নহয়। এই সময়ত বহু লোকৰ নাক, কাণ আৰু ডিঙিত খজুৱতি হয়। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে অবিৰত হাঁচি আৰম্ভ হয়। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সাধাৰণতে চিকিৎসকৰ নিৰ্দেশ অনুসৰি এন্টি এলাৰ্জিক ঔষধ সেৱন কৰা হয়। অৱশ্যে পুষ্টিবিদসকলে কয়, ঘৰুৱা ঔষধ হিচাপে এইক্ষেত্ৰত মৌ যথেষ্ট কার্যক্ষম ৷ কিন্তু ই প্ৰামাণিক হোৱাটো প্ৰয়োজন।
মৌ বিশুদ্ধ নে নহয়, কেনেকৈ বুজিব?
বজাৰত বিভিন্ন কোম্পানীৰ পৰা মৌ কিনিব পৰা যায়। সকলোৱে দাবী কৰে যে তেওঁলোকৰ মৌত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ নাথাকে। খালী চকুৰে মৌ বিশুদ্ধ নে নহয় বুজিবলৈ টান। কিন্তু কিনাৰ আগতে খাদ্য সুৰক্ষা বিভাগৰ প্ৰমাণ পত্ৰ বটলত লগোৱা হৈছে নে নাই পৰীক্ষা কৰক।