কেন্দ্ৰীয় চৰকাৰে আগন্তুক ছয় মাহৰ বাবে নাগালেণ্ডৰ ৮ খন জিলা আৰু ৫ খন জিলাৰ ২১ খন আৰক্ষী থানাক পুনৰ অশান্ত অঞ্চল বুলি ঘোষণা কৰিছে ৷ এই জিলাকেইখনত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফস্পাৰ ম্যাদ বৃদ্ধি কৰিছে ৷
ৰাজ্যসমূহৰ আইন-শৃংখলাৰ পৰিস্থিতি পুনৰীক্ষণ কৰি এই সিদ্ধান্ত লোৱা হৈছে। গৃহ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমাউকেডিমা, মন, কিফিৰে, নোক্লক, ফেক আৰু পেৰেন জিলাত আফস্পাৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।