বহুতৰে ৰাতিপুৱা তিয়াই থোৱা আখৰোট খোৱাৰ অভ্যাস আছে। কেন্সাৰৰ পৰা হৃদৰোগলৈকে আখৰোটৰ বাবে সুস্থ হৈ থকাটো বহুত সহজ হৈ পৰে। মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধিৰ বাবেও আখৰোট অতি উত্তম। পুষ্টিবিদসকলে দৈনিক আখৰোট খোৱাৰ পৰামৰ্শ দিয়ে। কিন্তু কিয়? আখৰোট খালে কি হয়?
১) কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে আখৰোটত এন্টিঅক্সিডেন্ট আৰু অন্যান্য ৰাসায়নিক পদাৰ্থ থাকে যিয়ে কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে। কিছুমান বিশেষ প্ৰকাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত আখৰোট অতি উপযোগী।
২) আখৰোটতো বহু পৰিমাণৰ আঁহ থাকে। খাদ্যত আঁহ যোগ কৰিলে হজম শক্তি উন্নত হয়। পেটত পাচনতন্ত্ৰৰ বেক্টেৰিয়া উৎপন্ন হয়। এই বেক্টেৰিয়াই পেটটো সুস্থ কৰি ৰাখে, লগতে পেটৰ সংক্ৰমণ পৰিষ্কাৰ কৰাত সহায় কৰে।
৩) ওমেগা-৩ ফেটি এচিডৰ উপস্থিতিৰ বাবে আখৰোটে মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধিতো সহায় কৰে। নিয়মিতভাৱে আখৰোট খালে স্মৃতিশক্তি বৃদ্ধি পায় আৰু স্নায়ুজনিত বিকাৰৰ সম্ভাৱনা হ্ৰাস পায়।