যাত্ৰীৰ জীৱনক লৈ হেতালি খেলা আভ্যন্তৰীণ জলসম্পদ পৰিবহণ বিভাগৰ নিমাতীঘাটস্থিত এটা জিৰণি গৃহত উদ্ধাৰ হৈছে দ’মে দ’মে লাইফ জেকেট৷ ৭০০ৰো অধিক লাইফ জেকেট দেখি হতভম্ব হৈ পৰে প্ৰত্যক্ষদৰ্শী। অভিযোগ অনুসৰি বিভাগীয় ফেৰী থকা সত্ত্বেও কেৱল লুণ্ঠনৰ স্বার্থতে নিমাতীঘাটত ব্যক্তিগত ফেৰী দীর্ঘদিন ধৰি চলাই অহা হৈছে ৷
নিমাতীঘাটৰ দুৰ্ভাগ্যজনক ঘটনাটোৰ পাছত মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফেৰী চলাচলৰ ক্ষেত্ৰত কিছু কঠোৰ নিৰ্দেশ দিছিল। বিশেষকৈ এটা ইঞ্জিনযুক্ত ফেৰী চলাচলৰ ক্ষেত্ৰত তেখেতে আৰোপ কৰা বাধাক নেওচি ঘটনাৰ পিছদিনাই নিমাতীঘাটৰ পৰা মাজুলীলৈ ফেৰী চলাৰ খবৰে সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
সর্বসাধাৰণৰ জীৱন আৰু নিৰাপত্তাৰ প্রতি গুৰুত্ব নিদি অত্যন্ত বেপৰোৱা মনোভাবেৰে চলি থকা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়া-কর্মচাৰীৰ বাবেই নিমাতীঘাটৰ শোকাবহ দুৰ্ঘটনাটো সংঘটিত হ’ল বুলি ৰাইজে মন্তব্য কৰিছে ৷ নিমাতীঘাটত চলি থকা বাস্তৱ ছবিখন পোহৰলৈ অহাৰ লগে লগে উন্মোচিত হৈছে এটাৰ পিছত এটাকৈ বাস্তৱ সত্য।
সূত্ৰ অনুসৰি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যোৰহাটতে তিনি শতাধিক বিষয়া-কর্মচাৰী আছে যদিও ইয়াৰে মাত্র কেইজনমানহে ফেৰী ঘাটত উপস্থিত থাকে ৷ আশ্বৰ্যজনক ভাৱে ফেৰীখনত উঠা যাত্রীসকলক কোনো টিকট দিয়া হোৱা নাছিল৷ তদুপৰি টিকটসমূহৰ ক্ষেত্রতো বিভাগৰ কোনো সঠিক হিচাপ নাথাকে। অভিযোগ অনুসৰি যিমান টিকট যাত্রীক দিয়া হয়, তাতকৈ অধিক যাত্রীক ফেৰীত উঠিবলৈ দি আদায় কৰা অতিৰিক্ত ভাৰা একাংশ বিষযাৰ জেপত সোমায়৷