ঋতু সলনি হোৱাৰ লগে লগে সৌন্দৰ্য্যৰ ৰুটিনও সলনি হয়। শীতকালীন মেকআপ আৰু গ্ৰীষ্মকালীন মেকআপৰ মাজত পাৰ্থক্য আছে। কাৰণ দুয়োটা ছিজনৰ সমস্যাৰ মাজতো পাৰ্থক্য আছে। গ্ৰীষ্মকালত ছালৰ অতিৰিক্ত যত্নৰ প্ৰয়োজন হয়। তাৰ বাবে কেৱল প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলেই নহয় ৷ গৰমৰ দিনত বজাৰত বহুত বতৰৰ ফলমূল পোৱা যায়। তাৰ ভিতৰত তৰমুজ অন্যতম। কেৱল পেটৰ যত্ন লোৱাই নহয়, গ্ৰীষ্মকালত ছালৰ যত্ন ল’বলৈও তৰমুজ অতি উপযোগী। গ্ৰীষ্মকালত ব্ৰণৰ সমস্যা বৃদ্ধি পায় ৷ ছালখন জিলিকি থাকিবলৈ কিছুমান পেক ব্যৱহাৰ কৰিব পাৰে।
১) গ্ৰীষ্মকালত শৰীৰক শীতল কৰি ৰখাত দুয়োটা অতি উপযোগী। গতিকে দৈ আৰু তৰমুজৰ সৈতে ফেচ পেক বনাব পাৰে। টেঙা দৈত তৰমুজ আৰু অলপ মৌ মিহলাই ডাঠ মিশ্ৰণ এটা বনাওক। ছালত লগাই ১০-১৫ মিনিট ৰখাৰ পিছত ছালখন উজ্জ্বল হৈ উঠিব।
২) ছালৰ ছিদ্ৰৰ পৰা মলি পৰিষ্কাৰ বিলাহীৰ পেষ্ট ব্যৱহাৰ কৰিব পাৰে । যদি তৰমুজ বিলাহীৰ সৈতে মিহলোৱা হয় আপুনি অধিক উপকৃত হ’ব ৷ এই মিশ্ৰণটো বিশেষকৈ তেলীয়া ছালৰ বাবে অতি উত্তম ৷ তৰমুজৰ ৰসৰ লগত বিলাসীৰ ৰস মিহলাই পেক বনাব পাৰি। কেইমুহূৰ্তমানৰ পিছত ছাল উজ্জ্বল হৈ উঠিব ৷
৩) ভাল ছালৰ বাবে কলৰ ভূমিকা উৎকৃষ্ট। ছালৰ যত্নত তৰমুজ আৰু কল দুয়োটা ব্যৱহাৰ কৰিলে উপকাৰী। একাপ তৰমুজ আৰু দুটা পকা কল একেলগে গুড়ি কৰি মিশ্ৰণ এটা বনাওক। বাহিৰৰ পৰা উভতি অহাৰ পিছত এই পেকটো ছালত লগাব পাৰে। ২০ মিনিট ৰাখি ধুই পেলাওক। ছালখন টান আৰু মসৃণ হ’ব।