প্ৰতিটো সাজ ৰন্ধাৰ পূর্বে মচলা খুন্দিবলৈ মিক্সিয়েই ভৰসা। সময় ৰাহি হয়, আৰু কষ্ট কমি যায়। অৱশ্যে যিকোনো সামগ্ৰী খুন্দাৰ পাছত মিক্সাৰ ব্লেডৰ খাঁজত আবদ্ধ হৈ পৰে। গতিকে বহুতে কোনো সামগ্ৰী খুন্দাৰ পিছত পানীত তিয়াই ৰাখে ৷ তৎসত্বেও বহুসময়ত ভালদৰে মিক্সাৰৰ ব্লেডসমূহ পৰিস্কাৰ কৰাটো যথেষ্ট কঠিন হৈ পৰে ৷ কিন্তু আপোনাৰ মিক্সাৰটো পৰিস্কাৰ ৰখাৰ কেইবাটায়ো উপায় আছে ৷ মাত্ৰ কেইটামান পদ্ধতি জানিলেই মিক্সাৰ পৰিষ্কাৰ কৰাটো সহজ হৈ উঠিব ৷
১) তৰল চাবোন:
মছলা পিহি লোৱাৰ পিছত বহুতে মিক্সাৰৰ বাটিটো পানীৰে তিয়াই লয়।কিন্তু পানীৰ লগতে কেইটোপালমান তৰল চাবোন মিহলাই মিক্সাৰটো এবাৰ চলাই দিলে ব্লেডসমূহ সহজে পৰিষ্কাৰ হৈ পৰে। তেতিয়া খাদ্য বা মছলাৰ কোনো গোন্ধ লাগি নাথাকিব।
২) চাবোনৰ গুড়িঃ
যদি আপোনাৰ হাতত তৰল চাবোন নাই তেন্তে মিক্সাৰ চাফাইৰ বাবে পাউদাৰ চাবোন ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছত পানীৰে ধুই পেলালে মিক্সাৰটো একেবাৰে জিলিকি উঠিব। অৱশ্যে মিক্সাৰ কম্পাৰ্টমেণ্টত চাবোনৰ গোন্ধ ওলাব পাৰে। তাৰ বাবে পাত্ৰটো চাফা কৰাৰ পিছত পানী ভৰাই তিনি ঘণ্টা ৰাখিব পাৰে।
৩) ভিনেগাৰ:
আন এক উপযোগী উপাদান হৈছে ভিনেগাৰ। চিঙ্ক চাফা কৰাৰ পৰা আৰম্ভ কৰি বাচন-বৰ্তনত জেদী দাগলৈকে—ভিনেগাৰ ব্যৱহাৰ কৰা হয় । মিক্সাৰ পৰিষ্কাৰ কৰিবলৈও ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে। ভিনেগাৰ, নেমুৰ ৰস, নিমখ একেলগে মিহলাই মিক্সাৰত মিশ্ৰণটো জোকাৰি লওক। ইয়াৰ পিছত কিছু সময় থৈ ধুই পেলাওক। নিমিষতে মিক্সটো চকচকীয়া হৈ পৰিব।
৪) বেকিং চোডা:
মিক্সাৰ চাফা কৰাৰ আন এটা ঘৰুৱা কৌশল হ’ল বেকিং চ’ডা। বেকিং চ’ডা গৰম পানীৰ লগত মিহলাই মিক্সাৰ জাৰত ঢালি কিছু সময় থৈ দিব। দহ মিনিটৰ পিছত ব্ৰাছেৰে স্ক্রাব কৰক। দাগ আৰু গোন্ধ, দুয়োটা নোহোৱা হৈ যাব।
৫) নেমুৰ বাকলি:
মিক্সাৰ পৰিষ্কাৰ কৰিবলৈ নেমুৰ বাকলি এটা কামত আহিব পাৰে। মিক্সাৰৰ জাৰটো প্ৰথমে গৰম পানীত ধুব। ইয়াৰ পিছত মিক্সাৰৰ ভিতৰখন নেমুৰ বাকলিৰে ভালদৰে ঘঁহি লওক। ই কেৱল মিক্সিৰ দাগ আঁতৰাই পেলোৱাই নহয়, গোন্ধও আঁতৰাই পেলাব।