বৰেণ্য সাহিত্যিক, ভাষাবিদ, গৱেষক, চিন্তাবিদ বিশ্বেশ্বৰ হাজৰিকাৰ বিয়োগত ভিন-ভিন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে । ৯১ বছৰত জীৱন নাট সামৰা বিদূষি পণ্ডিত হাজৰিকাৰ বিয়োগে এজন সচাঁ অন্তৰৰ ভাষাৰ সেৱকৰ মৃত্যু হোৱা বুলি মতপোষণ কৰিছে বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ”বহুবাক”ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই । বহুবাকৰ প্ৰধান সম্পাদক গৰাকীয়ে আৰু কয়- আমি এজন দিগগজ চিন্তাধাৰাৰ ভাষাৰ সেৱকক হেৰৱলোঁ । আজীৱন শিক্ষাব্ৰতী, সাধনাৰে নিজস্ব চিন্তাৰে সমাজৰ মংগলৰ লগতে ভাষা-সাহিত্যৰ মংগলৰ বাবে আমৃত্যু কাম কৰি গৈছিল ।
“পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাৰ বিয়োগত শোক প্ৰকাশ কৰে ক্ৰমে – অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰী, আহ্বায়ক অৱনী ৰঞ্জন পাঠক, প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভাৰ সভাপতি ড০ হৰ কুমাৰ নাথ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট গীতিকাৰদ্বয় শচীন দাস, ডিজেন কাকতি, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং” আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক-সন্তপ্ত পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ।