অফিচত কাম কৰাৰ পৰা আপোনজনক বিচাৰি উলিওৱালৈকে – ফোন নথকা জীৱনটো আধৰুৱা যেন অনুভৱ হয় । যেতিয়া ফোনটো বেয়া হৈ যায় আৰু মন বেয়া হয় ৷ তেতিয়া ফোনটোৰ অতিৰিক্ত যত্ন লোৱাৰ প্ৰয়োজন হয়। ফোনটো কেতিয়া বেয়া হ’ব সেয়া আগতীয়াকৈ জনা সম্ভৱ নহয়। গতিকে ডিভাইচটোৰ যত্ন ল’ব লাগিব। দিন পাৰ হৈ যোৱাৰ লগে লগে ফোনবোৰ পুৰণি হৈ যায়। নতুন ফোন কিনাৰ সময় যাতে বেছি সোনকালে নাহে তাৰ বাবে কি কৰিব?
ফোন স্ক্ৰীণ
ফোন স্ক্ৰীণ বাৰে বাৰে ব্যৱহাৰ কৰিলে আঙুলিৰ ছাপ পৰে। বেয়া দেখাও হয় ৷মোবাইলৰ এটা গুৰুত্বপূৰ্ণ অংশ স্ক্ৰীণ। ফলত পৰ্দাখন লেতেৰা কৰি নাৰাখিব ৷ নিয়মীয়াকৈ ফোনটোৰ স্ক্ৰীণ পৰিষ্কাৰ কৰাটো গুৰুত্বপূৰ্ণ। সেই ক্ষেত্ৰত আপুনি আইছ’প্ৰফিল ব্যৱহাৰ কৰিব পাৰে। কপাহী পেড এটাত এটা টোপাল লৈ ফোনটোৰ স্ক্ৰীণত ছাফা কৰক। যদি আপুনি এই কাম ধাৰাবাহিকভাৱে কৰে তেন্তে ফোনটো বহুদিনলৈ ভাল হ’ব।
ফোন স্পীকাৰ
স্পীকাৰ বেয়া হ’লে ফোনত শুনিবলৈ টান হৈ পৰে। এই সমস্যাৰ পৰা ওলাই অহাৰ পথ আছে। ব্ল’ৱাৰ ব্যৱহাৰ কৰিব পাৰে। ফোন স্পীকাৰৰ সন্মুখত ব্ল’ৱাৰটো ধৰিব পাৰি। ইয়াৰ ফলত স্পীকাৰৰ পৰা ধূলি আঁতৰি যাব। বা সৰু ব্ৰাছ ব্যৱহাৰ কৰিও ধূলিখিনি জোকাৰি পেলাব পাৰে।
ইউএছবি আৰু হেডফোন পৰ্ট
কেতিয়াবা ইউএছবি আৰু হেডফোন পৰ্টত ডাঠ মলি পৰে। ফলত চাৰ্জিং আৰু সংগীত শুনাত সমস্যাৰ সৃষ্টি হয়। এই সমস্যাটো আপুনি নিজেই সমাধান কৰিব পাৰে। সৰু পিন বা অতি পাতল লাঠি ব্যৱহাৰ কৰি ধূলি আঁতৰাব পাৰি। কিন্তু যি পিন বা ষ্টিক ব্যৱহাৰ কৰক, সেইটো পাতল কপাহত মেৰিয়াই ল’ব লাগে।