বাহিৰলৈ ওলাই গ’লে ছালত ধূলি জমা হয়। মুখৰ ওপৰত নিজাকৈ তেল বা চেবাম থাকে। যিসকলৰ ছাল তেলীয়া, এই সমস্যা বেছি। ছালখন পৰিষ্কাৰ কৰি ৰাখিলে ইয়াৰ পৰা কোনো সমস্যাৰ উদ্ভৱ নহয় ৷ সেই কথা ভাবি বহুতে সঘনাই ফেচ ৱাছেৰে মুখখন ধুই লয়। কিন্তু ইয়াৰ ফলত লাভতকৈ ক্ষতিৰ আশংকা বেছি। কাৰণ, ফেচ ৱাছত থকা ৰাসায়নিক উপাদানে ছালৰ পি এইচ বেলেন্স ধ্বংস কৰিব পাৰে।
বহুতে ভাবে যে বাহিৰলৈ নোযোৱাকৈ মুখখন ধুব নালাগে। কাৰণ ঘৰৰ ভিতৰত ৰাস্তাৰ দৰে ধূলি-মাটি নাই। কিন্তু বিশেষজ্ঞসকলে আন পৰামর্শহে দিয়ে ৷ পুৱা শুই উঠি এবাৰ ফেচৱাশ্বেৰে মুখ ধুলে কোনো ক্ষতি নহয়। টোপনিৰ সময়ত ছালৰ গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা চেবাম মুখত জমা হয়। পুৱা সাৰ পাই কেৱল পানীৰে মুখ ধুলে তেল সহজে আঁতৰি নাযায়। তাৰোপৰি বহুতে বাহিৰলৈ ওলোৱাৰ আগতে মুখত মেকআপ কৰে। ভাল মেকআপৰ বাবেও পৰিষ্কাৰ মুখ গুৰুত্বপূৰ্ণ। আনহাতে, কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত বা ৰাতি শুই উঠাৰ আগতে মুখৰ পৰা মেকআপ, ধূলি আৰু বালিৰ তৰপ পৰিষ্কাৰ কৰাটোও গুৰুত্বপূৰ্ণ যাতে ছালখন সুস্থ হৈ থাকে।
কিন্তু কিমান সঘনাই ফেচ ৱাছ ব্যৱহাৰ কৰিব লাগে সেয়া ব্যক্তিজনৰ ছালৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। যেনে, কাৰোবাৰ ছাল তেলীয়া হ’লে দিনটোত তিনি-চাৰিবাৰ ফেশ্বৱাশ্বেৰে মুখ ধুব পাৰে। শুকান ছাল দুবাৰ ফেচৱাশ্ব কৰিলেই যথেষ্ট ৷সংবেদনশীল ছাল থকাসকলেও সঘনাই ফেচৱাশ্ব ব্যৱহাৰ কৰিব নালাগে।