কৰ্মচাৰীৰ অভাৱৰ বাবে মঙলবাৰে ৩৮খন বিমান বাতিল কৰে ভিষ্টাৰাই। ফলত সমগ্ৰ দেশতে যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। মুম্বাইত ১৫খন, দিল্লীত ১২খন আৰু বাংগালুৰুত ১১খন বিমান বাতিল কৰা হয় । সোমবাৰে দেশজুৰি মুঠ ৫০খন বিমান বাতিল কৰে ভিষ্টাৰাই। ১৬০খন বিমান পলমকৈ ৰাওনা হয়। মঙলবাৰে পৰিস্থিতিৰ কোনো বিশেষ পৰিৱৰ্তন নহ’ব বুলি অনুমান কৰা হৈছে।
মঙলবাৰে ভিষ্টাৰাই এক বিবৃতিত কয় যে বিগত কেইদিনমানৰ পৰা কৰ্মচাৰীৰ অভাৱকে ধৰি একাধিক কাৰণত যথেষ্ট সংখ্যক বিমান বাতিল আৰু অৱতৰণ আৰু প্ৰস্থানত পলম হৈছে। যাত্ৰীসকলৰ অসুবিধা হ্ৰাস কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে বুলি জানিবলৈ দিয়ে কোম্পানীটোৱে।
এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ অহা কেইদিনমানৰ ভিতৰত বিমানৰ সংখ্যা হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে ভিষ্টাৰাই। ইয়াৰ মাজতে কেন্দ্রই ভিষ্টাৰৰ বিমান বাতিল সন্দর্ভত সংস্থাটোলৈ বিতং প্রতিবেদন বিচাৰিছে কেন্দ্ৰই ৷ সংবাদ সংস্থা এএনআইৰ এক প্ৰতিবেদন অনুসৰি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সংস্থাটোক বিমানসমূহ বাতিল কৰাৰ কাৰণ স্পষ্ট কৰিবলৈ নির্দেশ দিছে ৷