গৰমৰ লগে লগে বৃদ্ধি পাইছে মহৰ উপদ্ৰৱ। দুপৰীয়া আৰু গধূলিৰ লগতে দিনতো বাঢ়ে মহৰ উপদ্ৰৱ ৷ গতিকে মহৰ ধূপ, ৰাসায়নিক স্প্ৰে বহুতে ব্যৱহাৰ কৰে। কিন্তু বন্ধ কোঠাত গোটেই দিনটো এই ধূপ বা কুণ্ডলী জ্বলাই থকাটো স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। কিন্তু মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ কিছুমান ঘৰুৱা উপায় জানিলে সহজে এই সমস্যাৰ পৰা পৰিত্ৰান লাভ কৰিব ৷
১) নিম তেলঃ
নাৰিকল তেল আৰু নিম তেল ১:১ অনুপাতত মিহলাই গোটেই শৰীৰত লগাব লাগে। এই গোন্ধৰ বাবে মহ আপোনাৰ ওচৰলৈ নাহে। আপোনাৰ ছালখনো ভাল হ’ব। এলাৰ্জী হ’লেও এই তেলে প্ৰতিৰোধ কৰিব পাৰে ।
২) কৰ্পূৰঃ
গোটেই দিনটো মহৰ ধূপ জ্বলাব নোখোজে তেন্তে কোঠাটোৰ চুকত কৰ্পূৰ ৰাখিব পাৰে। গোটেই দিনটো যিখন টেবুলত বহিব বা বিচনাৰ কাষৰ টেবুলখনত থৈ দিব পাৰি, ইও কিছু সকাহ দিব। এতিয়া বৈদ্যুতিক ‘বাৰ্নাৰ’ বজাৰত উপলব্ধ ৷ তাত কৰ্পূৰ দিব পাৰি।
৩) নহৰু:
নহৰু-পানীৰ প্ৰচণ্ড গোন্ধে মহক বিৰক্ত কৰে। কেইটামান নহৰু পানীত উতলাই লওক। এই পানী গোটেই ঘৰটোত ছটিয়াই দিয়ক ৷