ক্ৰিকেটৰ জগতলৈ ঘূৰি আহিব নেকি চেম্পিয়নছ লীগ টি-২০? শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ এজন ক্ৰিকেটৰ সৈতে জড়িত ব্যক্তিৰ মন্তব্যত এই জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ভাৰতলৈ অহাৰ পিছত বিষয়াগৰাকীয়ে কয় যে ক্ৰিকেট অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু ইণ্ডিয়ান ব’ৰ্ডে চেম্পিয়নছ লীগ ঘূৰাই অনাৰ বাবে আলোচনা কৰি আছে। অতি সোনকালে সিদ্ধান্ত লোৱা হ’ব পাৰে।
উল্লেখ্য যে ক্ৰিকেট ক্লাব ইণ্ডিয়াত মুকলি হ’ল মেলবৰ্ণ ক্ৰিকেট একাডেমীৰ এটা শাখা। তাত উপস্থিত হৈ ক্ৰিকেট ভিক্টোৰিয়াৰ চিইঅ’ নিক কামিন্সে কয় যে দহ বছৰ বন্ধ হোৱাৰ পিছত এই প্ৰতিযোগিতা পুনৰ আৰম্ভ কৰাৰ প্ৰয়োজন আছে। প্ৰথম সংস্কৰণত মহিলা ক্ৰিকেটাৰৰ সৈতে চেম্পিয়নছ লীগৰ আয়োজন কৰিব পৰা যাব বুলি ইংগিত দিয়ে। ইয়াৰ পিছত পুৰুষ ক্ৰিকেটাৰসকলে খেলিব।
কামিন্সে কয় –“ চেম্পিয়নছ লীগটো আগতেই আৰম্ভ কৰা হৈছিল। সেই সময়ত টি-২০ জগতখন আজিৰ দৰে পৰিপক্ক নাছিল। মই জানো যে অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু ভাৰতৰ মাজত এই প্ৰতিযোগিতাখন ঘূৰাই অনাৰ বাবে আলোচনা চলি আছে। খেলখন কেতিয়া খেলা হ’ব সেইটো জানিব পৰাটো অধিক গুৰুত্বপূৰ্ণ। কাৰণ আই চি চিৰ প্ৰতিযোগিতাও আছে। হয়তো প্ৰথমবাৰৰ বাবে কেৱল মহিলাৰ সৈতে আয়োজন কৰিব পৰা যাব।”
আই পি এল আৰম্ভ হোৱাৰ পিছত চেম্পিয়নছ লীগ আৰম্ভ হয়। বিভিন্ন দেশৰ ফ্ৰেঞ্চাইজিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ তিনিটা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা দুটাকৈ আৰু পাকিস্তান, ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ডৰ পৰা এটাকৈ দলে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতা শেষবাৰৰ বাবে ২০১৪ চনত অনুষ্ঠিত হৈছিল। সেইবাৰ চেন্নাইয়ে কলকাতাক পৰাস্ত কৰি ট্ৰফী লাভ কৰে।