ভাত, মাছ, মাংসৰ লগত তৰকাৰী—যি হওক, দাইল অবিহনে বহু লোকে ভাত খাবলৈ পচণ্ড নকৰে ৷ মচুৰ দাইলত প্ৰটিনৰ পৰিমাণ বেছি হোৱাৰ বাবে বহুতে এই মচুৰ দাইল বেছিকৈ খোৱাটো ভাল নহয় বুলি ভাবে। যাৰ বাবে বহুতে মগু দাইল খাবলৈ ভাল পায় ৷কিন্তু পেটৰ গেছ বা হাৰ্টবাৰ্ণ হোৱাৰ ভয়ত বহুতে অধিক মগু দাইল খাবলৈ মন নকৰে। কিন্তু, পুষ্টিবিদসকলে কয় যে মগু দাইলৰ পুষ্টিকৰ মূল্য আন দাইলতকৈ বহু বেছি। মগু দাইল নিৰামিষ প্ৰ’টিন হিচাপেও যথেষ্ট ভাল।
মগু দাইল খোৱাৰ উপকাৰ কি কি?
১) মগু দাইলত কোনো কেলৰি নাথাকে। গতিকে প্ৰতিদিনে খালেও কেলৰিৰ পৰিমাণ বৃদ্ধি হোৱাৰ ভয় নাথাকে। লগতে ওজন নিয়ন্ত্ৰণত সহায় কৰে।
২)মগুদাইলত সহজে হজম হোৱা আঁহ থাকে। যিয়ে ভাল হজম শক্তি বজাই ৰখাত সহায় কৰে। যদি কোষ্ঠকাঠিন্যৰ সমস্যা হয় তেন্তে সেই সমস্যাও দূৰ কৰে। মগু দাইলে আন্ত্ৰিক অংশত ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।
৩) মগু দাইলত আইৰণ, মেগনেছিয়াম, পটাছিয়াম আৰু ভিটামিন বি আদি কেইবাটাও প্ৰয়োজনীয় খনিজ পদাৰ্থ থাকে। যিয়ে স্বাভাৱিক ৰক্ত সঞ্চালন আৰু শাৰীৰিক কাৰ্যকলাপ বজাই ৰখাত সহায় কৰে। মগু দাইলত থকা আইৰণে ৰক্তহীনতা নিৰাময় কৰাত সহায় কৰে।
৪) গজালি ওলোৱা সেউজীয়া মগুৱে তেজৰ শর্কৰা নিয়ন্ত্ৰণত সহায় কৰে। কাৰণ, এই নাড়ীৰ গ্লাইচেমিক সূচক কম। এই ধৰণৰ খাদ্য খোৱাৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰা দ্ৰুত গতিত উঠা-নমা নহয়।
৫)মগু দাইলে ছালৰ স্থিতিস্থাপকতা বজাই ৰখাতো সহায় কৰে। কাৰণ এই দাইলত ভিটামিন চি আৰু ই থাকে। এই ভিটামিন দুটাই ছালখনক ফ্ৰী ৰেডিকেল আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা ৰক্ষা কৰে।