কেঁচা নহৰুৰ বহু উপকাৰ আছে । গতিকে বহুতে প্ৰতিদিনে ৰাতিপুৱা খালী পেটত এক ফোটা নহৰু খায় ৷ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক এক ফোটা নৰু খাবলৈ পৰামৰ্শ দিয়ে পুষ্টিবিদসকলে। নহৰু নিঃসন্দেহে স্বাস্থ্যকৰ। কিন্তু সকলোৰে বাবে নহয়। কিছু শাৰীৰিক সমস্যা হ’লে নহৰু পৰিহাৰ কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। স্বাস্থ্য উপকাৰীতাৰে ভৰি থকাৰ পিছতো কোনে নহৰু পৰিহাৰ কৰিব লাগে?
চিকিৎসকে কয়, এই নিয়ম সকলোৰে বাবে প্ৰযোজ্য নহয়। নহৰু খোৱাৰ পিছত পেটৰ সমস্যা হোৱা সকলে গ্ৰীষ্মকালত এই খাদ্য পৰিহাৰ কৰিব লাগে। যিসকলৰ বিশেষ সমস্যা নাই তেওঁলোকে গ্ৰীষ্মকালত নহৰু খোৱাৰ পৰিমাণ হ্ৰাস কৰিব পাৰে।
নহৰু খোৱাৰ ক্ষেত্ৰত কোনে সাৱধান হ’ব লাগে?
যদি আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেন্তে গৰমৰ দিনত কেঁচা নহৰু নাখাবলৈ চেষ্টা কৰক। গৰমৰ দিনত নহৰু খালে ৰক্তচাপ বৃদ্ধি পাব পাৰে। ইয়াৰ বাহিৰেও যিসকলৰ গেছ আৰু হাৰ্টবাৰ্ণৰ সমস্যা আছে তেওঁলোকে কেঁচা নহৰু খাব নালাগে।
বেছিকৈ নহৰু খালে তেজত শৰ্কৰাৰ মাত্ৰা অত্যধিক কমি যাব পাৰে। যিটো ডায়েবেটিছ ৰোগীৰ বাবে সমস্যাজনক হৈ পৰিব পাৰে। ডায়েবেটিছ ৰোগীয়ে তেজৰ শর্কৰাৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজন। যাতে শর্কৰাৰ মাত্ৰা বেছি বা কম নহয়। শর্কৰাৰ মাত্ৰা অধিক হোৱাৰ দৰে কম শর্কৰাৰ মাত্ৰাৰ দৰেই সমস্যাজনক। কিন্তু পৰিমিত খাদ্য গ্ৰহণ কৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখা সম্ভৱ।
ঘর্মাক্ত হ’লে বহুতৰে শৰীৰৰ পৰা এটা উৎকট গোন্ধ ওলাই আহে। গ্ৰীষ্মকালত বেছি হয় এই সমস্যা । কিন্তু যদি আপোনাৰ এই সমস্যা আছে তেন্তে বেছিকৈ নহৰু নাখোৱাই ভাল। নহৰু খালে শৰীৰৰ দুৰ্গন্ধ বৃদ্ধি পাব পাৰে।