বৰেণ্য সাহিত্যিক ,গল্পকাৰ, ঔপন্যাসিক, অভিধান প্ৰণেতা, গৱেষক , অধ্যাপক তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক সাহিত্যিক ড° প্ৰণৱজ্যোতি ডেকা আৰু নাই ৷আজি চিকিৎসাধীন অৱস্থাতে তেওঁৰ দেহাৱসান ঘটে ৷হাঁওফাঁওৰ সংক্ৰমণ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাত আক্ৰান্ত হোৱাৰ বাবে কেইবাদিনো ধৰি সংকটজনক অৱস্থাত গুৱাহাটীস্থিত নেমকেয়াৰ হাস্পাতালত ভৰ্তি হৈ আছিল সাহিত্যিকগৰাকী ৷
উল্লেখ্য যে, ড০ প্ৰণৱ জ্যোতি ডেকাই ‘শ্ৰেষ্ঠ গল্প’ৰ বাবে ২০২৩ বৰ্ষত লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা। ২০২১ চনত এই গ্ৰন্থখন প্ৰকাশ হৈছিল ৷ গ্ৰন্থখনৰ প্ৰকাশক আছিল বান্ধৱ প্ৰকাশন। এইখন গ্ৰন্থই ২০২২ বৰ্ষত অসম প্ৰকাশন পৰিষদৰ বঁটাও লাভ কৰিছিল। তেখেতৰ আন উল্লেখযোগ্য গ্ৰন্থসমূহ – সেয়েহে কৈলাশনাথ, একুৰ বছৰৰ গল্প, এজাক এলেহুৱা কাউৰীৰ সাধু, বেৱাৰিছ লাছ আৰু অন্য গল্প,বিহুৱতী চৰাই আৰু অন্য গল্প,“সোণৰ চামুচ মুখত লৈ” আদি।
কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালে ডঃ ডেকাৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰি কয়-“প্ৰখ্যাত সাহিত্যিক, স্পষ্টবাদী কথাশিল্পী, ভূতত্ত্ববিদ, অধ্যাপক, সাহিত্য অকাদেমী বঁটা বিজয়ী ড° প্ৰণৱজ্যোতি ডেকাই অনন্য সৃষ্টিৰাজি আৰু কৰ্মৰাজিৰে অসমৰ ভাষা-সাহিত্য তথা জাতীয় জীৱনলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতৰ বিয়োগৰ খবৰটো পাই শোকাহত হৈ পৰিছোঁ। তেখেতৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।“
আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে শোকপ্ৰকাশ কৰি কয়- “শব্দশিল্পৰ সাধক ড° প্ৰণৱজ্যোতি ডেকাৰ মহাপ্ৰয়াণত ব্যথিত হৈছোঁ৷ বিশ্বমানৰ গল্প, উপন্যাসৰ জৰিয়তে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা স্বনামধন্য সাহিত্যিকগৰাকীৰ বিয়োগ অসমৰ জাতীয় জীৱনৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ’ব৷ ছাৰৰ সততা, স্পষ্টবাদিতা, ন্যায়নিষ্ঠা আৰু আপোচবিহীন স্থিতি আমাৰ বাবে আদৰ্শ হৈ ৰ’ব৷এগৰাকী অধ্যাপক, অভিধান প্ৰণেতা আৰু ভূ-তত্ত্ববিদ হিচাপে প্ৰভূত বৰঙণি আগবঢ়াই যোৱা ড° ডেকাৰ সৃষ্টি-দৃষ্টি-দৰ্শনক জাতিয়ে চিৰকাল শ্ৰদ্ধাৰে স্মৰণ কৰি যাব৷ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ৷ লগতে, শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰিছোঁ৷”