কম্পিউটাৰ যোগাযোগৰ প্ৰয়োগ, প্ৰযুক্তি, নিৰ্মাণ আৰু ৰীতি-নীতিৰ ওপৰত আধাৰিত ডাটা যোগাযোগৰ মুখ্য বাৰ্ষিক সন্মিলনত এছ আই জি কমৰ নতুন অধ্যয়নত সতৰ্ক কৰি দিয়া হৈছে যে এক শক্তিশালী সৌৰ ধুমুহাই পৃথিৱীখনৰ সমগ্ৰ ইণ্টাৰনেট ব্যৱস্থাক কিছুদিনৰ বাবে ধ্বংস কৰিব পাৰে।
গৱেষকসকলৰ মতে প্ৰতি ১০০ বছৰত এই সৌৰ বায়ু এক সম্পূৰ্ণ সৌৰ ধুমুহালৈ ৰূপান্তৰিত হয়, যাৰ পৰিণাম আধুনিক জীৱনৰ বাবে গুৰুতৰ হ’ব পাৰে। ইয়াৰ পৰিণতিত পৃথিৱীৰ এক বৃহৎ অংশৰ ইণ্টাৰনেট সপ্তাহ বা মাহৰ বাবে অফলাইন হৈ থাকিব পাৰে।
বিজ্ঞানৰ পৰিভাষাত ইয়াক কৰ’নাল মাছ ইজেকশ্যন বুলি কোৱা হয়। এই ধুমুহা সমগ্ৰ সৌৰমণ্ডলৰ বাবেই বিপদজনক হৈ উঠিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰভিনৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ সংগীতা আব্দু জ্যোতিয়ে লিখিছে যে আধুনিক প্ৰযুক্তিগত উন্নতিৰ সৈতে দুৰ্বল সৌৰ কাৰ্যকলাপৰ সময় মিলিছে আৰু অদূৰ ভৱিষ্যতে সূৰ্য অধিক সক্ৰিয় হোৱাৰ সম্ভাৱনা আছে।
গৱেষকসকলৰ মতে এইবাৰ আহিবলগীয়া সৌৰ ধুমুহাটোৰ দৰে সৌৰধুমুহা ইয়াৰ পূৰ্বে ১৮৫৯ আৰু ১৯২১চনত আহিছিল। অৰ্থাৎ ১০০ বছৰ পাছত পৃথিৱী পুনৰ এক ভয়ংকৰ সৌৰ ধুমুহাৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে।
বিজ্ঞানীসকলে অনুমান কৰিছে যে এনেকুৱা ভয়ংকৰ সৌৰ ধুমুহাই পূৰ্বৰ ধুমুহাৰ পৰৱৰ্তী দশকত পৃথিৱীক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰাৰ সম্ভাৱনা ১.৬ ৰ পৰা ১২ শতাংশৰ ভিতৰত হয়।
জানিব পৰা মতে এইবাৰৰ ধুমুহা ১৮৫৯ বা ১৯২১ চনৰ দৰে তীব্ৰ নহ’ব পাৰে। অৱশ্যে ১৯৮৯ চনৰ মাৰ্চত যি সৌৰ ধুমুহাই পৃথিৱীক ক্ষতিগ্ৰস্ত কৰিছিল তাৰ ফলত কানাডাৰ সমগ্ৰ কুইবেক প্ৰদেশ একেৰাহে ৯ ঘন্টা আন্ধাৰত ডুব গৈ আছিল।