পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাবী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই ৷তীব্ৰ মেধাসম্পন্ন ছাত্ৰজনে বর্তমান অধ্যয়নৰত হৈ থকা পুনে আইছাৰত (IISER) ত ২০২২-২৩ বৰ্ষৰ আটাইতকৈ মেধাৱী ছাত্ৰ হিচাপে পৰিগণিত হৈছে । শেহতীয়াকৈ এক অনুষ্ঠানত প্ৰতিষ্ঠানখনে তেওঁক স্বীকৃতি পত্ৰ প্ৰদান কৰে ৷
উল্লেখ্য যে সমগ্ৰ অসমতে মেধাৰ বলত নিজৰ পৰিচয় দিবলৈ সক্ষম হোৱা ধৃতিৰাজ বাস্তৱ কলিতা বিগত সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰি জিলিকি উঠিবলৈ সক্ষম হৈছিল ।
ছাত্ৰ গৰাকীৰ সাফল্যত উৎফুল্লিত হৈ পৰা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে তেওঁক শুভেচ্চা জ্ঞাপন কৰি কয় –“সমগ্ৰ ভাৰততে নিজৰ মেধাৰ বলত জিলিকি উঠা তথা অসমক জিলিকাই তোলা মৰমৰ ধৃতিৰাজ বাস্তৱ কলিতালৈ আমি বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ । অনাগত দিনত তেওঁ লক্ষ্যত উপনীত হোৱাত প্রভু ভগৱন্ত তেখেতৰ সাৰথি হওঁক তাৰে কামনা কৰিলোঁ ।“