শৰীৰত পানীৰ অভাৱত বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হয়। পৰ্যাপ্ত পানীৰ অভাৱত বিভিন্ন ৰোগে শৰীৰত শিপাই যায়। আনকি, পানীৰ অভাৱত ওজন বৃদ্ধি হ’ব পাৰে। চিকিৎসকৰ পৰা আৰম্ভ কৰি পুষ্টিবিদলৈকে সকলোৱে কয় যে গ্ৰীষ্মকালত সুস্থ হৈ থকাৰ এটা চাবিকাঠি হ’ল প্ৰচুৰ পৰিমাণে পানী খোৱা। এই সময়ছোৱাত বহুতে পানীতকৈ শীতল পানীয় বেছিকৈ সেৱন কৰে ৷ কিন্তু আপুনি জানেনে, তীব্ৰ গৰমত পানীৰ চাহিদা পূৰণৰ বাবে যিবোৰ পানীয় উপলব্ধ , সেইবোৰে অজানিতে শৰীৰৰ গুৰুতৰ ক্ষতি কৰিছে?
১) অফিচত কামৰ চাপৰ বাবে বহুতৰে দিনটোৰ ভিতৰতে প্ৰচুৰ পৰিমাণে চাহ-কফি সেৱন কৰাৰ অভ্যাস আছে। ভাগৰৰ পৰা পৰিত্ৰাণ পাবলৈ শৰীৰক দ্ৰুত শক্তি প্ৰদান কৰিবলৈ কফি অতি উপযোগী। কিন্তু গৰমৰ দিনত দুকাপতকৈ অধিক কফি খোৱাটো একেবাৰেই স্বাস্থ্যকৰ নহয়, কিয়নো ইয়াৰ ফলত শৰীৰত ডিহাইড্ৰেচন হ’ব পাৰে।
২) বহুতে গ্ৰীষ্মকালত ডায়েট চোডা বা উচ্চ চেনিযুক্ত শীতল পানীয় সেৱন কৰে। চোডা খালে সাময়িকভাৱে পিয়াহ দূৰ হ’ব পাৰে, কিন্তু শৰীৰত ডিহাইড্ৰেচন হয় ৷
৩) মদ্যপান কৰিলেও শৰীৰত ডিহাইড্ৰেচন হ’ব পাৰে। নিয়মীয়াকৈ মদ্যপান কৰিলে সমস্যাৰ সৃষ্টি হয়। মূৰৰ বিষ, জিভা শুকান হোৱা, দুৰ্বলতা, এই লক্ষণবোৰে ডিহাইড্ৰেচন হোৱাৰ ইংগিত দিয়ে।
৪) প্ৰচুৰ পৰিমাণে নিমখীয়া খাদ্য সেৱন কৰিলে ডিহাইড্ৰেচন হ’ব পাৰে। নিমখৰ মাত্ৰা বেছি হ’লে ই শৰীৰৰ পৰা পানী শোষণ কৰে। গতিকে গৰমৰ দিনত অতিৰিক্ত নিমখ খোৱাৰ অভ্যাস পৰিহাৰ কৰক।
৫)ফলে শৰীৰৰ যত্ন লয়। গোটা ফল খোৱাৰ উপৰিও বহুতে ফলৰ ৰসও সেৱন কৰে। ঘৰতে বনোৱাটো বেলেগ কথা। কিন্তু, ব্যৱসায়িক ফলৰ ৰসত চেনিৰ পৰিমাণ বেছি। চেনিয়ে পানী শোষণ কৰি শৰীৰৰ ভিতৰৰ পৰা ডিহাইড্ৰেট কৰি তোলে। গতিকে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ফলৰ ৰস সেৱন নকৰাই ভাল।
কফি-শীতল পানীয়-মদ-ক ‘প্ৰস্ৰাৱক’ পদাৰ্থ বুলি কোৱা হয়। অৰ্থাৎ এই সকলোবোৰ খোৱাৰ পিছত বাৰে বাৰে প্ৰস্ৰাৱ হয় ৷ ই শৰীৰৰ বিপদ বঢ়াই তোলে ৷ গতিকে এই সকলোবোৰ খাব বিচাৰিলে পৰিমিতভাৱে খাদ্য গ্ৰহণ কৰক আৰু শৰীৰৰ প্ৰয়োজন অনুসৰি পৰ্যাপ্ত পৰিমাণৰ পানী খাওক।
গ্ৰীষ্মকালত ডিহাইড্ৰেচন পৰা হাত সাৰিবলৈ কি কৰিব লাগে?
বৃক্কৰ ৰোগ নহ’লে আন কোনো পানীয় নহয়, প্ৰচুৰ পৰিমাণে পানী খাব লাগে। ফলৰ ৰস, চূপ, ডাবৰ পানী খাব পাৰে। কফিৰ সলনি মাজে মাজে আধা কাপ চাহ খাব পাৰে । যদি আপুনি মদ্যপান কৰাৰ হেঁপাহ অনুভৱ কৰে তেন্তে আগতে আৰু পিছত সামান্য পৰিমাণে পানী খাব লাগে। তেলযুক্ত খাদ্য কমকৈ খাব।