লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ বাবে বিশেষ ঘোষণা। ভোটদানৰ পিছত যিকোনো হোটেল বা ৰেষ্টুৰেণ্টত খাবলৈ গ’লে খাদ্যৰ বিলত ২০ শতাংশ ৰেহাই পাব। কিন্তু এই ৰেহাই সীমিত সময়ৰ বাবে উপলব্ধ। এতিয়ালৈকে নিৰ্বাচন আয়োগে মাত্ৰ এখন ৰাজ্যৰ ভোটাৰৰ বাবে এই বিশেষ উপহাৰ ঘোষণা কৰিছে। উত্তৰাখণ্ডৰ সকলো হোটেল আৰু ৰেষ্টুৰেণ্ট সংগঠনৰ সৈতে নিৰ্বাচন আয়োগে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।
আগন্তুক লোকসভা নিৰ্বাচনত ৭টা পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ভোটদান। ৪ জুনত ভোট গণনা। উত্তৰাখণ্ডত প্ৰথম পৰ্যায়ত নির্বাচন অনুষ্ঠিত হ’ব ৷ উত্তৰাখণ্ডত ১৯ এপ্ৰিলত ভোটগ্ৰহণ। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ১৯ এপ্ৰিলত ভোটদানৰ পিছত যদি কোনো ভোটাৰে হোটেল বা ৰেষ্টুৰেণ্টত খাবলৈ যায় তেন্তে খাদ্য বিলত ২০ শতাংশ ৰেহাই পাব।
২০ এপ্ৰিলতো ভোটাৰসকলে এই সেৱা উপভোগ কৰিব পাৰিব। কিন্তু তাৰ পিছত ভোটাৰৰ বাবে ভোটাৰৰ বাবে খাদ্য বিলত এই অতিৰিক্ত ৰেহাই নাপাব।
উত্তৰাখণ্ডৰ সকলো হোটেল আৰু ৰেষ্টুৰেণ্ট সন্থাৰ সভাপতিয়ে এই প্ৰসংগত কয় যে খাদ্য বিলত ৰেহাই দিয়াৰ পূৰ্বে তেওঁলোকে আঙুলিত থকা চিয়াঁহীৰ চিনবোৰ পৰীক্ষা কৰি চাব যে তেওঁলোকে সঠিকভাৱে ভোটদান কৰিছে নে নাই। উত্তৰাখণ্ডৰ গৰিষ্ঠসংখ্যক ভোটাৰৰ মাজত ভোটদানৰ উৎসাহ বৃদ্ধিৰ বাবে নিৰ্বাচন আয়োগে এই বিশেষ ঘোষণা কৰিছে।