সমাগত উৎসৱৰ বতৰ ৷ কাইলৈ ঈদ । দুদিন পাছতে ৰঙালী বিহু ৷ সকলোৱে বিচাৰে উৎসৱৰ সময়ত তেওঁক সকলোৱে ধুনীয়া দেখক ৷ কিন্তু কার্যালয়ৰ কাম আৰু ঘৰুৱা কামৰ ব্যস্ততাৰ বাবে পার্লাৰলৈ যাবলৈ বহুতে সময় নাপায় ৷ উৎসৱৰ বতৰত আপোনাৰ ছালখন ধুনীয়া কৰিবলৈ পার্লাৰৰ বিপৰীতে ঘৰতে যত্ন ল’ব পাৰে ৷ কামৰ মাজতে তিনিটা ফেচপেকে আপোনাৰ ছালখন ধুনীয়া আৰু সতেজ কৰি তুলিব পাৰে ৷
১)ছালখন অত্যধিক তেলীয়া হ’লে ১ চামুচ কাঠবাদামৰ লগত ১ চামুচ মুলতানী মাটি মিহলাই ল’ব গাখীৰ বা গোলাপ জলৰ সৈতে। এই মিশ্ৰণটো দহ মিনিটৰ বাবে মুখত লগাব । ইয়াৰ পিছত ঠাণ্ডা পানীৰে ধুব। ছালখন মসৃণ হৈ পৰিব ৷
২)ছাল যদি তেলীয়া হয় তেন্তে ছালৰ যত্নত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ। এটা বাটিত আধা কাপ বেচন, এচিকুট হালধি আৰু অলপ গাখীৰ মিহলাই মিশ্ৰণ এটা বনাওক। গা ধুবলৈ যোৱাৰ আগতে ছালত ভালদৰে লগাব । শুকালে ধুই পেলাওক। দৈনিক নহ’লেও সপ্তাহত কমেও দুদিন বা তিনিদিন ব্যৱহাৰ কৰিব পাৰে। আপুনি লাভৱান হ’ব।
৩)এচামুচ দৈ, এচামুচ মৌ আৰু এচামুচ গোলাপ জলেৰে ফেচ পেক বনাওক। এই পেকটো ৰাতি মুখত লগাই পোন্ধৰ মিনিট ৰাখিব। তাৰ পিছত পানীৰে ধুই পেলাওক। দেখিব, ছালখন সতেজ হৈ পৰিছে ৷