ঘৰত দিনৰ শেষত অতিৰিক্ত ভাত ৰৈ যোৱাটো সাধাৰণ কথা ৷ কিন্তু আগদিনা ৰৈ যোৱা ভাতখিনি পিছদিনা কেনেকৈ খাব পাৰি সেই লৈ বহুতৰে সন্দেহ। কিছুমানে বাহী ভাত গৰম কৰি খায়, কিছুমানে পইতাভাত নিমখ, নেমু, আলু পিটিকা আৰু কেচা পিয়াঁজেৰে খাবলৈ পছন্দ কৰে। পুষ্টিবিদসকলৰ মতে পইতা ভাত খোৱাই ভাল। বাহী ভাত গৰম কৰি খোৱাটো স্বাস্থ্যৰ বাবে বৰ উপকাৰী নহয়। ইয়াত চাউলৰ পুষ্টিকৰ গুণ কমি যায়, ডায়েৰিয়া আৰু বমিৰ দৰে ৰোগৰ আশংকাও থাকে। আনহাতে, মজি যোৱা ভাতত নিয়মীয়া ভাতৰ তুলনাত আইৰণ, মেগনেছিয়াম, পটাছিয়াম আৰু বিভিন্ন ভিটামিন আদি খনিজ পদাৰ্থৰ পৰিমাণ বেছ ৷ গতিকে পইতা ভাত খোৱাটো স্বাস্থ্যসন্মত।
পইতা ভাতে গৰমৰ দিনত শৰীৰটো শীতল আৰু সতেজ কৰি ৰাখে। লগতে শৰীৰৰ পানীৰ অভাৱ দূৰ কৰি উষ্ণতাৰ ভাৰসাম্য ৰক্ষা কৰে। শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰাত পইতা ভাত অতি উপকাৰী। পেটৰ ৰোগ, কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱাৰ লগতে ছডিয়ামৰ পৰিমাণ কম হোৱাৰ বাবে পইতা ভাতে ৰক্তচাপও নিয়ন্ত্ৰণ কৰে।
চিকিৎসকৰ মতে, ভাত বহু সময় তিয়াই থোৱাৰ বাবে ই সহজে হজম হয়। মছলা আৰু তেল থকা পোলাও বিৰিয়ানীতকৈ পইতা ভাত বহুত বেছি উপকাৰী। কিন্তু পইতা ভাত ভালদৰে তিয়াই এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত খোৱাটো জৰুৰী।