কাইলৈৰ পৰা অসম প্ৰদেশৰ চৌপাশে অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ, হেঁপাহৰো হেঁপাহৰ, বাপতি সাহোন ৰঙালী বিহু আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত জাকজমকতাৰে অনুষ্ঠিত হ’ব । ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা এক বিবৃতিযোগে জনাইছে “বহুভাষিক সাহিত্য মঞ্চ, অসম” চমুকৈ “বহুবাক”ৰ প্ৰধান সম্পাদক তথা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দীপক শৰ্মাই । বিবৃতিটোত বহুবাকৰ প্ৰধান সম্পাদক শ্ৰীশৰ্মাই কয়— “অসমত এতিয়া দিনে-দিনে বৃদ্ধাশ্ৰমৰ সংখ্যা বাঢ়িছে । ই জাতিটোৰ বাবে অশুভ লক্ষণ ।
বৃদ্ধাশ্ৰমত ৰাজ্যখনৰ একাংশ চিকিৎসক, বিজ্ঞানী, অভিযন্তা, অধ্যাপক, আনকি আই. এ.এচ., আই. পি.এচ., এ. চি.এচ., এ.পি.এচ. আদিৰ দেউতা-মা, শহুৰ দেউতা- শাহু মা সচৰাচৰ আছে । থাকে । কোনো কৃষক, মজদুৰ, শ্ৰমিক, মিস্ত্ৰী আদিৰ নাথাকে । বৃদ্ধাশ্ৰমত থাকিবলগা হোৱাটো বৰ দুৰ্ভাগ্যজনক । আমি আশা কৰিম এই বেলি অসমীয়া মাহৰ প্ৰথম দিনটোৰ পৰা বৃদ্ধাশ্ৰম বন্ধ হৈ যায় । উচ্ছ শিক্ষিত, আঢ়্যবন্ত সমাজৰ মানুহৰ মাজত ইতিবাচক মনোভাৱ, হৃদয় মন্দিৰ পৰিস্কাৰৰ মনোভাৱে স্থান পায় ।” বিবৃতিটোত বহুবাকৰ প্ৰধান সম্পাদক শ্ৰীশৰ্মাই কয়— সভা-সমিতিত ফুলজাৰি মৰা বক্তা অনেক ওলাল, বাস্তৱিকতে ঘৰখন, গাঁওখন, চুবুৰীটো ভাল কৰাৰ মানুহ সৃষ্টি হওঁক– এই ব’হাগতে পণ লওঁক” ।