অঞ্চলবিশেষে পালিত অসমীয়া সংস্কৃতি-পৰম্পৰাৰ এক উৎসৱ হৈছে ‘ভঠেলি’৷ অৱশ্যে ৰাজ্যৰ কিছু প্ৰান্ততহে এইউৎসৱ পালন কৰা হয় ৷
নামনি অসমৰ বেছিভাগ ঠাইত ভঠেলিরূপে জনাজাত এই লোকউৎসৱ ব’হাগৰ যিকোনো এটা দিনত দিনতীয়াকৈ পতা হয়। ভঠেলিব দিনা পুৱা গা-পা ধুই ডেকা-বুঢ়া মিলি দীঘল বাঁহ এডাল কাটি চাঁচি-চুৰুকি লয়। ৰঙীন কাগজ, কাপোৰ আদি মেৰাই বাঁহৰ আগত চোঁৱৰ বান্ধি নামঘৰৰ সন্মুখ বা ৰাজহুৱা ঠাইত থিয়কৈ পুতি দিয়া হয়। ইয়াক পাৰ বোলে। ভঠেলিৰ দুটা পাৰ থাকে। দীঘল পাৰক দবা আৰু চুটি পাৰটোক কইনা হিচাপে মান্যতা প্রদান কবে। ওচৰতে কলপাতৰ সৰু ঘৰ সাজি বিগ্রহ স্থাপন কৰাহয়। এই ঘৰটো ভঠেলি ঘৰ। ইয়াত স্থাপন কৰা বিগ্রহত নৈবেদ্য অর্পণ কবি সেৱা জনোৱা হয়। উৎসৱস্থলীত মেলাও অনুষ্ঠিত হয়। সন্ধিয়া ভঠেলি ঘৰটো মাৰিৰে কোবাই ডেকাসকলে ভাঙি পেলায় আৰু ইয়াৰ লগে লগেই ভঠেলি উৎসৱৰ সামৰণি পৰে। ভঠেলিৰ গোৱালপাৰাব বাঁশ বিয়াৰ সৈতে সাদৃশ্য আছে। গোৱালপাৰা, দৰং, কামৰূপ আৰু নলবাৰীৰ অঞ্চল বিশেষতহে প্রধানকৈ ভঠেলি উৎসৱ অনুষ্ঠিত হয়।