তাঁতশাল অবিহনে অসমীয়া জাতি অসম্পূর্ণ ৷ তাঁতশালৰ চহকী পৰম্পৰাৰে উজ্জিৱীত হৈ আছে অসমীয়া চহা জাতীয় জীৱন ৷ অসমীয়া মহিলাই তাঁতশালত সপোন ৰচে ৷ সেয়েহে এই তাঁতশালৰ প্ৰতি ব’হাগ বিহুতে প্ৰদর্শন কৰা হয় শ্ৰদ্ধা ৷ সাতবিহুৰ চতুর্থ দিনা পালন কৰা হয় তাঁত বিহু ৷
৩ ব’হাগত এই বিহু পালন কৰা হয়। এই দিনটোত তাঁতৰ সঁজুলিবোৰ ধুই-পখালি থৈ, গধূলিৰ সময়ত সেইবোৰৰ ওচৰত চাকি-বন্তি জ্বলোৱা হয়। বিহুৰ গৱেষক জয়কান্ত গন্ধীয়াই এই বিহুটোক ‘তাঁতৰ’ বিহু বুলি কোৱাৰ উপৰি অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত নবম খণ্ড বিশ্বকোষত ‘চেনেহী বিহু’ বলিও উল্লেখ কৰিছে।
আনহাতে আজি বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ কলাবাৰী আৰু লখিমপুৰ জিলাৰ অন্তৰ্গত ধলপুৰ, শিমলুগুৰি, কাঠনি, খলিহামাৰী, ফুটাভোগ আদি অঞ্চলত আজি ‘চেৰা বিহু’ পালন কৰা হয়। উক্ত অঞ্চলসমূহত আজি বিহু সামৰা হয়। আজিৰ দিনটোত নিজ গাঁৱৰ বাহিৰে অন্য গাঁৱত হুঁচৰি গোৱাৰ পৰম্পৰা নাই। উক্ত অঞ্চলসমূহত পৰম্পৰা অনুযায়ী আজিৰ পৰা হুঁচৰি গোৱাও সামৰণি মৰা হয়।