এইবাৰ ২৯ জুনৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা। ১৯ আগষ্টলৈকে এই যাত্ৰা অব্যাহত থাকিব ৷ সোমবাৰে এই তীৰ্থযাত্ৰাৰ তাৰিখ আৰু সময় ঘোষণা কৰা হৈছে। ১৫ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে তীৰ্থযাত্ৰাৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া।
৩৮৮০ মিটাৰ উচ্চতাত থকা এই বৰফেৰে আবৃত শিৱলিংগ গুহাটো পৰিদৰ্শন কৰিবলৈ প্ৰতি বছৰে লাখ লাখ ভক্তই অমৰনাথলৈ ভিৰ কৰে। তীৰ্থযাত্ৰীসকলে চলিত বৰ্ষত ৫২ দিনৰ বাবে অমৰনাথ ভ্ৰমণ কৰিব পাৰিব। দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ পহলগাঁৱৰ পৰা ৪৮ কিলোমিটাৰ খোজ কাঢ়িলেই অমৰনাথ আৰু মধ্য কাশ্মীৰৰ গেণ্ডৰৱালৰ বালতালৰ পৰা ১৪ কিলোমিটাৰ দূৰত্বত। পথটো কঠিন আৰু বিপদজনক হ’লেও মহাদেৱৰ আশীষ ল’বলৈ এই পবিত্ৰ স্থানত বয়স নিৰ্বিশেষে ভক্তসকলে সমবেত হয়। নিয়ম অনুসৰি ১৩ বছৰৰ তলৰ আৰু ৭০ বছৰৰ ওপৰৰ কোনো লোকক তীৰ্থযাত্ৰা কৰিবলৈ দিয়া নহয়। ৬ সপ্তাহতকৈ অধিক গৰ্ভৱতী মহিলাকো অনুমতি দিয়া নহয়।
চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, ভক্তসকলে ইতিমধ্যে কিছুমান বেংকৰ বিভিন্ন শাখাত শাৰী পাতি থিয় হৈ আগতীয়াকৈ নাম পঞ্জীয়ন কৰিবলৈ আৰম্ভ কৰিছে। এই কাম সমগ্ৰ দেশৰ পঞ্জাৱ নেচনেল বেংকৰ ৫৪০ টা শাখাত চলি আছে। নামভৰ্তিৰ বাবে আধাৰ সংযোগৰ প্ৰয়োজন।
অনলাইনত কেনেকৈ পঞ্জীয়ন কৰিব?
১) অনলাইন পঞ্জীয়ন কৰিবলৈ ‘শ্ৰী অমৰনাথজী শ্ৰাইন ব’ৰ্ড’ (http://jksasb.nic.in)ৰ নিজা ৱেবছাইটলৈ যাওক।
২) এতিয়া ৱেব পেজত থকা ‘Register’ অপচনত ক্লিক কৰক।
৩) ‘I AGREE’ অপচনত ক্লিক কৰাৰ আগতে সকলো নিয়ম ভালদৰে পঢ়ক।
৪) নিৰ্দিষ্ট স্থানত নাম আৰু ফোন নম্বৰ পূৰণ কৰক।
৫) ৱেবছাইটত পৰিচয় পত্ৰ, ফটো আৰু চিকিৎসাৰ প্ৰমাণ পত্ৰ আপলোড কৰক।
৬) পঞ্জীয়ন প্ৰ-পত্ৰ জমা দিব।
৭) বেংকত গৈ টকাখিনি জমা দিব।
৮) অফিচিয়েল ৱেবছাইটৰ পৰা ট্ৰেভেল পাৰ্মিট প্ৰ-পত্ৰ ডাউনলোড কৰক।
অনলাইন পঞ্জীয়নৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে ১৫০ টকা খৰচ হ’ব। তীৰ্থযাত্ৰাক কেন্দ্ৰ কৰি নিৰাপত্তা সুদৃঢ় কৰা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে।