নীতা চক্ৰবৰ্তী
একোটি শিশু যেন ভগৱানৰ অপূৰ্ব দান। সেইবাবেই আমি তেওঁলোকক দেৱশিশু বুলি কও। শিশু এটিৰ আগমনত ঘৰখন আনন্দমুখৰ হৈ উঠে। শিশুৰ কলকলনিত ঘৰখনৰ প্ৰতিটো চুক-কোণে যেনেকৈ প্ৰাণ পাই উঠে ঠিক তেনেকৈ শিশুৰ কান্দোনত সকলোকে চিন্তান্বিত হৈ পৰাও দেখা যায়।
বহু সময়ত আমি ভাবো যে, ভোক-পিয়াহ লাগিলে অথবা অসুস্থ অনুভৱ কৰিলেহে শিশুৱে কান্দে। প্ৰকৃততে তেনেকুৱা নহয়। কেতিয়াবা মাকৰ সংগৰ বাবেও শিশু এটিয়ে কান্দিব পাৰে। মাকৰ সংগত শিশুৱে স্নেহ, আশ্ৰয় আৰু নিৰাপত্তা বিচাৰি পায়। শিশুৱে কান্দিলে অভিভাৱকে কোলাত নল’লে সেই শিশু খঙাল আৰু অবাধ্য হৈ পৰে।
একলা-দুকলা কৈ বাঢ়ি শিশু এটিয়ে পূৰ্ণতাপ্ৰাপ্তি অৱস্থা লাভ কৰে। শিশুৰ প্ৰতিটো অৱস্থাই একোটা স্বকীয় বৈশিষ্টপূৰ্ণ অৱস্থা। এনে প্ৰতিটো অৱস্থাৰ মূহূৰ্তবোৰেই শিশুক বিশেষ বিশেষ অভিজ্ঞতা প্ৰদান কৰে। শিশুৰ চৰিত্ৰত শৈশৱ কালৰ অভিজ্ঞতাৰ তিনিটা উপাদান নিহিত হৈ থাকে। সেয়া হ’ল, সংগ, পিতৃ-মাতৃৰ দৃষ্টিভংগী আৰু শিশুৰ স্বকীয় বুদ্ধি-বৃত্তি।
পিতৃ-মাতৃৰ অকৃত্ৰিম মৰমে শিশুৰ অনুভূতি আৰু আচৰণ সুস্থ ৰূপে গঢ় দিয়াত অৰিহণা যোগাই যদিও অত্যাধিক মৰমে শিশুক বিপথগামী কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। মন কৰিলে দেখা যায় যে, প্ৰত্যেক শিশুৱেই জন্মগতভাৱে একোটা স্বয়ংসম্পূৰ্ণ মনৰ অধিকাৰী। এই মনটোক সঠিক পথত পৰিচালিত কৰিবলৈ প্ৰত্যেক শিশুৱে সুবিধা নাপাব পাৰে, তেনে অৱস্থাত শিশুৰ স্বভাবৰ লগত সংগতি ৰাখি পিতৃ-মাতৃয়ে শিশুৰ মানসিক বিকাশৰ কাৰণে যত্ন লোৱা উচিত। অন্যথা শিশু আৰু পিতৃ-মাতৃৰ মাজত মানসিক ব্যৱধানৰ সৃষ্টি হ’ব পাৰে।
শিশুৱে খেল-ধেমালি ভাল পায়। এয়া তেওঁলোকৰ অত্যন্ত স্বাভাবিক প্ৰবৃত্তি। খেল-ধেমালিৰ মাজেৰে শিশুৰ সৃষ্টিশীল মনটোৰ উমান পোৱা যায়। সেয়েহে পিতৃ-মাতৃয়ে শিশুৰ লগত থাকি নতুন নতুন খেলৰ সম্ভেদ দিব পাৰে। কিতাপৰ ভাল-ভাল ছবি দেখুৱাই বা সেই বিষয়ৰ গল্প, সাধু, নৈতিক আৰু মহৎ কথাৰ সম্ভেদ দি শিশুক উচ্ছাভিলাসী কৰি তুলিব পাৰে। পৰিয়ালৰ লোক বা পিতৃ-মাতৃৰ লগতেই ইটো সিটো কাম কৰিবলৈ দি কৰ্মৰ প্ৰতি শিশু মনক আগ্ৰহশীল কৰি তুলিব লাগে।
শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ কাৰণে কিছুমান দিশৰ প্ৰতি চকু দিব লাগেঃ
শিশুৰ আগত কেতিয়াও তেওঁলোকৰ গুণ-গান কৰিব নালাগে। পিতৃ-মাতৃৰ মুখত নিজৰ গুণ-গান শুনিলে তেওঁলোক মদগৰ্বী হৈ পৰাৰ ভয় থাকে।
কোনো শিশুকেই নিৰ্দিষ্ট বয়সৰ আগতে বলপূৰ্বক ভাৱে শিক্ষাদান কৰা অনুচিত। সঠিক বয়সত শিক্ষাদান নকৰিলে তেনে শিক্ষাৰ পৰা অকৃতকাৰ্য হোৱাৰ সম্ভাবনাই বেছি।
শিশুটোৰ প্ৰতি ব্যৱহাৰ এনেধৰণৰ হ’ব লাগে য’ত তেওঁলোকে নিৰ্ভয় আৰু নিৰাপত্তা অনুভৱ কৰিব পাৰে ।
যি কোনো কথা বা কাৰণত শিশুক কেতিয়াও অবহেলা কৰিব নালাগে।
শিশুৰ সন্মুখত ডাঙৰে অশ্লীল মাত-কথা মাতিব নালাগে। কোনো শিশুৱে অশ্লীল মাত মাতিলে তেনে কথা যে বেয়া তাক ধৈৰ্য আৰু মৰমেৰে বুজাব লাগে।
আনে চুৰি কৰা দেখিলেও শিশুৱে চুৰি কৰিবলৈ শিকে। শিশু মন অনুকৰণ প্ৰিয়। যি কোনো বেয়া পৰিৱেশৰ পৰা তেওঁলোকক আতৰাই ৰাখিব লাগে। আনকি শিশুৰ আগত চুৰি কাৰ্যৰ বৰ্ণনা থকা সাধুও ক’ব নালাগে।
ভূত-প্ৰেত বা যি কোনো ভয় লগা কাহিনী যাতে সাধু বা গল্প হিচাবেও শিশুৰ আগত উপস্থাপন কৰা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এনেবোৰ কাহিনীৰ প্ৰভাৱ ভৱিষ্যত জীৱনলৈও থাকি যায়। যাৰ ফলত বহু শিশু প্ৰাপ্তবয়স্ক হোৱাৰ পাছতো ভয়াতুৰ স্বভাৱৰ হয়।