ঘোষণা কৰা হ’ল লতাশিলৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ ৭৩ সংখ্যক ‘বিহু সম্ৰাজ্ঞী’ প্ৰতিযোগিতাৰ ফলাফল ৷ মঙলবাৰে নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ ফলাফল অনুসৰি ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই দখল কৰিছে সন্মানীয় ‘বিহু সম্ৰাজ্ঞী’ খিতাপ। বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত এইবাৰ ৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। তাৰে মাজৰ পৰা বিজয়ী হয় ধেমাজিৰ শিৰোশ্ৰী শইকীয়া।
বিহু সম্ৰাজ্ঞী শিৰোশ্ৰী শইকীয়াই পুৰস্কাৰস্বৰূপে লাভ কৰে নগদ ১ লাখ টকা, ১০ গ্ৰাম সোণৰ মুদ্ৰা, এটা ৰেফ্ৰিজাৰেটৰ, এটা ৱাচিং মেচিন, এটা টিভি আৰু নেমকেয়াৰ হাস্পতালৰ পৰা এটা কৰ্মসংস্থাপনৰ লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ।
ইপিনে গুৱাহাটী বিহু সন্মিলনীৰ বিহুৰাণী,বিহুকুঁৱৰী প্রতিযোগিতাৰ ফলাফলো ঘোষণা কৰা হৈছে ৷ ২০২৪ বৰ্ষৰ ‘বিহু কুঁৱৰী’ খিতাপ লাভ কৰে ডিব্ৰুগড়ৰ ঋতুপৰ্ণা দাসে। তেওঁ লাভ কৰে নগদ ৩১ হাজাৰ টকা, মানপত্ৰৰ লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ।
আনহাতে, ‘বিহুৰাণী ২০২৪’ৰ খিতাপ অৰ্জন কৰিছে ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁইয়ে। তেওঁ লাভ কৰে নগদ ৫১ হাজাৰ টকা, মানপত্ৰৰ লগতে বহু আকৰ্ষণীয় পুৰস্কাৰ। শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান চিৰঞ্জীৱ বৰ্মণ আৰু শ্ৰেষ্ঠ পেঁপুৱৈৰ সন্মান যদুমণি গগৈয়ে লাভ কৰিছে । দুয়োকে নগদ ১০ হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰা হয় ।