শৰীৰৰ স্বাস্থ্য বহুলাংশে নিৰ্ভৰ কৰে খাদ্যৰ ওপৰত। গতিকে খোৱা-বোৱাত সাৱধান হোৱাটো জৰুৰী। যিসকল শাৰীৰিক স্বাস্থ্যৰ প্ৰতি অত্যন্ত সচেতন, তেওঁলোকে বুদ্ধিমানভাৱে খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰে। ঘৰতে ৰন্ধা খাদ্য গ্ৰহণ কৰক । বাহিৰৰ খাদ্য কমকৈ খাবলৈ চেষ্টা কৰক। নিয়ম ভংগ হ’লেও কেতিয়াবা প্ৰিয় খাদ্য কিছুমান খোৱা হয় ৷ ক্ষতিকাৰক বুলি জানিও কেতিয়াবা ইয়াৰ সোৱাদ ল’ব বিচাৰে। অৱশ্যে কিছুমান খাদ্যই শৰীৰৰ বিভিন্ন অংশৰ ক্ষতি কৰে। কি কি খাদ্য খোৱাটো বিপদজনক হ’ব পাৰে?
চিপছ
চিপচত অস্বাস্থ্যকৰ চৰ্বি আৰু ছডিয়াম থাকে। যাৰ মগজুত ক্ষতিকাৰক প্ৰভাৱ পৰে। নিয়মিতভাৱে চিপচ খোৱাৰ ফলতো মগজুৰ প্ৰদাহ হ’ব পাৰে। চিপছৰ আসক্তিৰ ফলত নিউৰ’পেথীৰ সম্ভাৱনাও বৃদ্ধি পায়। নিমখীয়া সোৱাদ থকাৰ পিছতো চিপছৰ জি আই উচ্চ আৰু ইয়াৰ ফলত তেজৰ চেনিৰ বৃদ্ধি হ’ব পাৰে। মধুমেহ ৰোগৰো আশংকা থাকে।
নুডলছ
শেহতীয়া কিছু গৱেষণাৰ পৰা দেখা গৈছে যে ইনষ্টেণ্ট নুডলছ চকুৰ বাবে ক্ষতিকাৰক। এনে ফাষ্ট ফুডত ভিটামিন, এন্টিঅক্সিডেন্টৰ দৰে স্বাস্থ্যকৰ উপাদান একেবাৰেই নাথাকে। বিশেষকৈ ভিটামিন এৰ অভাৱত চকুৰ সমস্যা হয়। গতিকে এনে খাদ্য যিমানেই খাব সিমানেই চকুৰ সমস্যা বাঢ়িব।
মিল্ক চকলেট
চেনি আৰু দুগ্ধজাত সামগ্ৰী ছালৰ বাবে একেবাৰেই ভাল নহয়। চেনিৰ উপৰিও চকলেটত অস্বাস্থ্যকৰ চৰ্বি থাকে, যিয়ে ছালত প্ৰভাৱ পেলায়। দৈনিক চকলেট খালে ব্ৰণৰ সমস্যা বৃদ্ধি পায় ৷