ৰঙালী বিহুৰ উছাহ উদ্দীপনা এতিয়াও মাৰ যোৱা নাই ৷ পৰম্পৰাগত সাত বিহুৰ সামৰণি পৰিল যদিও ঠায়ে ঠায়ে অনুষ্ঠিত হৈয়েই আছে ৰঙালী বিহুৰ অনুষ্ঠান ৷ ৰঙালী বিহুৰ সমছোৱাত বিহু হুচৰি আৰি বিহু নৃত্য প্ৰদর্শন কৰা হয় ৷ ইয়াত ব্যৱহৃত পৰম্পৰাগত বাদ্যযন্ত্ৰসমূহৰ ভিতৰত অন্যতম হৈছে টকা আৰু গগণা ৷আহকচোন টকা আৰু গগণাৰ বিষয়ে কিছু কথা জানো আজিৰ এই প্ৰতিবেদনত ৷৷
বিহুগীত আৰু নৃত্যত ব্যবহৃত এবিধ বাদ্য হ’ল টকা। এইবিধ বাদ্য মহিলায়ো বজাব পাৰে। গোটা বাঁহ এমুৰে গাঁঠি ৰাখি, মাজেদি ফালি টকা সজা হয়। অসমৰ লোকবাদ্যসমূহৰ ভিতবত অতি পৰিচিত আৰু সহজে পোৱা বাদ্য টকা বিহুৰ এক অপৰিহার্য অংগ। বিহুনামব প্রাথমিক তাল আছিল হাতচাপৰি আৰু কালক্ৰমত হাতচাপৰিব চন্দকে ব্যৱহাৰ কৰি টকাৰ উৎপত্তি হয়। গাভৰু বিহু আৰু জেং বিহুৰ অন্যতম মূল বাদ্য হৈছে টকা।
বিহুগীত আৰু নৃত্যত ব্যবহৃত আন এবিধ বাদ্য হ’ল গগনা। ফু দি বজোৱা এইবিধ বাদ্য মহিলায়ো বজাব পাৰে। এচটা বাঁহৰ পাত চাঁচি-মাজি দুফালে দুচাটি, মাজতে এচাটি ৰাখি মুগা সূতা মেৰিয়াই গগনা বোৱা হয়। গগনা ওঁঠেবে চেপি ধৰি আঙুলিবে কঁপাই বজোৱা হয়। জেং বিহুৰ অন্যতম মূল বাদ্য গগনা। বর্তমান বহুল ব্যবহৃত গগনা দুই প্রকাবব। গাভৰুৱে বজোৱা গগনাবিধক লাহৰী গগনা বুলি কোৱাৰ বিপৰীতে ডেকাই বজোৱা গগনাবিধক কোৱা হয় ৰামধন গগনা বুলি।