পূব ভাৰতৰ ৰাজ্যসমূহে গৰম বৃদ্ধি পোৱাৰ সময়তে হিমাচল প্ৰদেশত ইয়াৰ বিপৰীত ছবি দেখা গৈছে। হিমালয় অঞ্চলৰ এই ৰাজ্যখনত তীব্ৰ তুষাৰপাত হ’বলৈ আৰম্ভ কৰিছে ৷
শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তুষাৰপাতৰ বাবে ১০৪টা পথ বন্ধ হৈ পৰে। লগতে বন্ধ কৰি দিয়া হৈছে তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ। ৰাজ্য প্ৰশাসনৰ সূত্ৰ অনুসৰি কুল্লুৰ তিনিটা, চাম্বা আৰু কংৰাৰ এটাকৈ পথ বৰফ পৰাৰ বাবে বন্ধ হৈ আছে। কংৰাত ইমান বৰষুণ হৈছে যে এখন দলং উটুৱাই লৈ গৈছে। ইয়াৰ বাহিৰেও মনালী-কেলঙৰ ছিছুৰ চেলফি পইণ্ট খহি পৰাৰ বাবে যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছে।
মৌসম ভৱনে আগন্তুক দিনত বৰষুণৰ পৰিমাণ বৃদ্ধি পাব বুলি ভৱিষ্যদ্বাণী কৰিছে। ২৬ এপ্ৰিললৈ জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত বৰষুণ আৰু তুষাৰপাত দুয়োটা অব্যাহত থাকিব। আনহাতে, উত্তৰ হাৰিয়ানাৰ উত্তৰ পঞ্জাৱতো বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান বিভাগে। ২২ এপ্ৰিলত পশ্চিম ৰাজস্থানত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। ২৪ এপ্ৰিললৈ অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধুমুহাৰ আগজাননী দিয়া হৈছে।
যদিও উত্তৰ-পূব আৰু পশ্চিম আৰু মধ্য ভাৰতৰ কিছু অংশত বৰষুণৰ পূৰ্বাভাস আছে, তথাপিও ঝাৰখণ্ড, ওড়িশা, ছত্তীশগড় আৰু পশ্চিম বংগত গৰমৰ ঢৌ অব্যাহত থাকিব বুলি মৌসম ভৱনে জানিবলৈ দিয়ে।