গৰমৰ সময়ছোৱাত বজাৰত উপলব্ধ হৈ পৰে সুস্বাদু আম ৷ হিমসাগৰ, লেংৰা, গোলাপখা, ফজলী, আম্ৰপালীৰ দৰে প্ৰতিটো প্ৰজাতিৰ আমৰ সুকীয়া সোৱাদ থাকে। এই বতৰত বজাৰলৈ যাওক, কেঁচা হওক বা পকা আম সদায় থাকিব। বহুতৰে আম কিছু সময় পানীত তিয়াই থোৱাৰ পিছত কাটি খোৱাৰ অভ্যাস আছে। বহুতে সেই নিয়মৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। আমখিনি পানীত তিয়াই দিলে আমৰ ছাল কোমল হয়, যাৰ ফলত ইয়াৰ বাকলি গুচোৱাতো সহজ হৈ পৰে। ইয়াৰ বাহিৰেও আম খোৱাৰ আগতে পানীত তিয়াই দিলে কি কি উপকাৰ হয় তলত উল্লেখ কৰা হৈছে ৷
১) আমৰ বাকলিত থকা ফাইটিক এচিড শৰীৰৰ বাবে বৰ উপকাৰী নহয়। এই এচিডে শৰীৰত আইৰণ, জিংক, কেলচিয়াম আদি কিছুমান অত্যাৱশ্যকীয় উপাদান শোষণত বাধা দিয়ে। আম খোৱাৰ আগতে এঘণ্টা পানীত তিয়াই দিলে এই এচিড নাইকিয়া হয়।
২) আমৰ বাকলিত বহুতো উপাদান থাকে যিবোৰ শৰীৰ আৰু ছালৰ বাবে ক্ষতিকাৰক। আম খোৱাৰ আগতে ভালদৰে ধুব লাগে যাতে ব্ৰণ, ফোহা, কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা হাত সাৰিব পাৰে। আম খালে শৰীৰৰ উষ্ণতা সাময়িকভাৱে বৃদ্ধি পায়। গৰম হৈ পৰে। পেটৰ সমস্যা আৰম্ভ হয় ৷ আম খোৱাৰ পিছত শৰীৰটো শীতল কৰি ৰাখিবলৈ খোৱাৰ আগতে কিছু সময় পানীত তিয়াই ৰাখিব লাগে ৷
৩) আম সোনকালে পকিবলৈ প্ৰায়ে বিভিন্ন ৰাসায়নিক পদাৰ্থ স্প্ৰে কৰা হয়। এই ৰাসয়নিক পদার্থ ৰ বাবে শৰীৰত সোমালে শ্বাস-প্ৰশ্বাসজনিত সমস্যা, বমি, মূৰৰ বিষ হব পাৰে। চকুৰ বিষৰ দৰে সমস্যা হ’ব পাৰে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ আম খোৱাৰ আগতে কিছু সময় পানীত তিয়াই থ’ব লাগে। ইয়াৰ ফলত আমত থকা ৰাসায়নিক পদাৰ্থ নোহোৱা হয় ৷