তীব্ৰ গৰমৰ পৰাই ছালৰ সমস্যা আৰম্ভ হয় । ছালৰ ৰং সলনি হৈ গৈ আছে! কিন্তু এই সময়ত ছালৰ যত্ন নকৰিলে অসুবিধা হয়। দামী প্ৰসাধন সামগ্ৰী নহয়, কেৱল বৰফৰ টুকুৰাই ছালৰ বহু সমস্যা সমাধান কৰিব পাৰে। অনুজ্জ্বল ছাল, ব্ৰণৰ সমস্যা, যিকোনো ধৰণৰ প্ৰদাহ, আনকি চকুৰ তলৰ ক’লা বৃত্ত আঁতৰোৱাৰ বাবে বৰফ অতি উত্তম! কিন্তু কেৱল বৰফেই নহয়, পানীত কেইবাটাও উপাদান মিহলাই দিলে আপুনি অধিক উপকৃত হ’ব ৷
১) তুলসীৰ পাত কিছু পিহি পানীত সিজাই লব। এইবাৰ ইয়াৰ লগত ২ চামুচ এলোভেৰা জেল লৈ পানীত ভালদৰে মিহলাই লওক। এই মিশ্ৰণেৰে বৰফ বনাওক। এলোভেৰাই ছালৰ পৰা অতিৰিক্ত তেল শোষণ কৰি ব্ৰণৰ সমস্যা দূৰ কৰে। তুলসী পাতেও ছাল ঠাণ্ডা কৰে। এই মিশ্ৰণে টেন আঁতৰোৱাতো সহায় কৰে।
২) তিঁয়হ এটা মিক্সাৰত ভালদৰে পিহি ল’ব ৷ এইবাৰ মিশ্ৰণটোত নেমুৰ ৰস কেইটোপালমান দি ফ্ৰীজত থৈ দিব। এই দুয়োটা উপাদানতে প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে, যিয়ে ছালৰ ভিতৰৰ পৰা উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে। মুখত বৰফ ঘঁহিলে সেই ঠাইলৈ তেজৰ সঞ্চালন বৃদ্ধি পায়, যাৰ ফলত ব্ৰণ আৰু ৰঙা পৰা কমি যায়।
৩) পানী অলপ লৈ তাত কেশৰ দ্ৰৱীভূত কৰক। দুচামুচ গোলাপ জলৰ লগত ভালদৰে মিহলাই লওক। এই মিশ্ৰণটো বৰফৰ সৈতে মুখত লগাওক। ছালৰ টেন সমস্যা, ব্ৰণৰ সমস্যা, ক’লা দাগ – এই সকলোবোৰ এই কৌশলেৰে আঁতৰাই পেলাব পাৰিব ৷