মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ উদ্বিগ্ন হৈ পৰিছে শিক্ষার্থী আৰু অভিভাৱকসকল ।এই উদ্বিগ্নতাৰ মাজতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৰিছে এক বিশেষ ঘোষণা ৷ শিক্ষামন্ত্ৰী গৰাকীয়ে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি অহা ৫ মে’ৰ’ ভিতৰত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। সংবাদমাধ্যমৰ সন্মুখত তেওঁ কয় যে ফলাফল ঘোষণা কৰিবলৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ সম্পূৰ্ণৰূপে সাজু।
উল্লেখ্য যে যোৱা ২০ এপ্ৰিলত ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। লক্ষণীয় যে নতুন আর্হিত এইবাৰৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছে ৷ পূর্বৰ দৰে ১০ টা স্থানৰ পৰিৱর্তে এইবাৰ শীর্ষ তিনিটা স্থানহে ঘোষণা কৰা হৈছে ৷ সেইদৰে ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ একত্ৰীকৰণ কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সেয়েহে এইবাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলতো নতুনত্ব দেখা যাব নেকি তাক লৈ শিক্ষার্থীসকলৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে ৷