গোটেই দিনটো পিছত ঘৰলৈ উভতি আহি মোবাইলটো চাৰ্জ কৰাৰ অভ্যাস হয়তো আপোনাৰো আছে । কিন্তু ফোনটো চাৰ্জত দিয়াৰ পাছত ব্যৱহাৰ কৰিবলৈ নাপালে মনটো উগুল থুগুল হৈ থাকে ৷ বাথৰুমলৈ গ’লেও বহুতৰে এই সমস্যা হয় ৷ নিশা শোৱাৰ সময়তো বহুতৰে ফোনটো লগত ৰখাৰ অভ্যাস আছে বহুতৰ ৷ অর্থাৎ এপলকৰ বাবেও ফোনটো এৰিবলৈ মন নাযায় ৷ ফোনটো এৰাৰ এই ভয়টোক চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা ‘ন’ম’ফ’বিয়া’ বা ‘ন’-ম’বাইল-ফ’বিয়া’ বুলি জনা যায়।
‘ফ’বিয়া’ৰ আক্ষৰিক অৰ্থ হ’ল ভয়। যি বস্তু দেখিলে বা কোনো পৰিঘটনা ঘটিলে মনত উদ্বিগ্নতা বা ভয়ৰ সৃষ্টি কৰে। যেনেকৈ কোনোবাই পানীত নামিবলৈ ভয় কৰে। আকৌ কিছুমানে প্ৰেমত পৰিবলৈ ভয় কৰে। কোনোবাই আকৌ খাদ্য দেখি ভয় কৰে। কিন্তু মোবাইল হেৰুৱাৰ ভয়? ৰাতিপুৱা সাৰ পোৱাৰ পৰা শোৱালৈকে আমাৰ জীৱনৰ লগত ওতঃপ্ৰোত সম্পৰ্ক থকা চলন্ত বস্তুটো, যদি হঠাতে বেয়া হৈ যায়, যদি বন্ধ হৈ থাকে বা কিছু সময়ৰ বাবে ওচৰত নাথাকে, তেন্তে মনত উদ্বিগ্নতাৰ সৃষ্টি হয়নে? মনোবিজ্ঞানীসকলে হয় বুলি কয়। দেশ-বিদেশৰ বিভিন্ন অধ্যয়নত ইয়াৰ প্ৰমাণ পোৱা গৈছে। মোবাইলৰ প্ৰতি আসক্তিয়ে ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ ক্ষতি কৰে। মানসিক স্বাস্থ্যৰো ক্ষতি কৰে। বেছিভাগ ক্ষেত্ৰতে ছ’চিয়েল মিডিয়া আৰু অনলাইন গেমৰ হেতালি খেলাৰ আঁৰত এই নিচাটোৱেই থাকে। প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ই বেলেগ। ফোনটোৰ ওপৰত তেওঁলোকৰ অত্যধিক নিৰ্ভৰশীলতাইও ‘ন’ম’ফ’বিয়া’ৰ জন্ম দিয়ে।
ন’ম’ফ’বিয়াৰ লক্ষণসমূহ কি কি?
১) সকলো সময়তে ফোন নটিফিকেচন চেক কৰা। কি মেছেজ আহিল, কোনো মেছেজ আহিব নেকি এই ধৰণৰ চিন্তাই অনবৰতে দোলা দি থাকে ৷
২) যেতিয়ালৈকে ফোনটো হাতত নপৰে তেতিয়ালৈকে ভয়টোৱে মনত বাহ ল’বলৈআৰম্ভ কৰে ৷
৩) ফোনটোৰ বেটাৰী কম সংকেত দেখুৱালে বা বন্ধ হ’লে বহুতে আতংকিত হৈ পৰে। কি কৰিব ভাবিব নোৱাৰা হৈ পৰে ৷ অস্থিৰ হৈ পৰে।
৪)ছ’চিয়েল মিডিয়াত সকলো সময়তে থাকিব নোৱাৰাৰ উদ্বিগ্নতা নৱপ্ৰজন্মৰ মাজত বেছি। এইখিনি সময়ত মনত এটা অদ্ভুত অস্থিৰতা আৰম্ভ হয় ৷
৫) বহু সময়ত ফোনটো হাতত নথকাৰ অসুবিধাৰ বাবে উইথড্ৰয়েল ছিম্পটমে (‘withdrawal symptoms’) দেখা যায়। অনিদ্ৰা, অলসতা, খাবলৈ অনিচ্ছা, অহৰহ খিংখিঙীয়া হোৱা আদি লক্ষণ দেখা দিয়ে ।
এই ৰোগৰ সময়মতে চিকিৎসা নকৰিলে কি হ’ব পাৰে?
এনে সমস্যা দিনৰ পিছত দিন পৰিহাৰ কৰাটো মানসিক স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে। মানসিক চাপ, হতাশা, নিসংগতাৰ সমস্যা বাঢ়িব পাৰে। দীৰ্ঘদিন এনেদৰে চলি থাকিলে স্বাভাৱিক টোপনিৰ চক্ৰত ব্যাঘাত জন্মাব পাৰে। পৰিস্থিতি জটিল হ’লে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগিব।
কেনেদৰে সমাধান পাব ?
১) আপোনাৰ স্মাৰ্টফোন ব্যৱহাৰৰ সময়ৰ প্ৰতি সচেতন হওক।
২) হতাশা, উদ্বেগ বৃদ্ধি কৰিব পৰা বস্তু ফোনত নোচোৱাই ভাল।
৩) সামাজিক মাধ্যমৰ পৰা নিজকে আঁতৰাই ৰখাৰ অভ্যাস কৰক।