স্বামী গৌতমানন্দ ৰামকৃষ্ণ মঠ আৰু মিছনৰ নতুন অধ্যক্ষ নিযুক্তি দিয়া হৈছে । তেওঁ মঠ আৰু মিছনৰ সহ-অধ্যক্ষ আছিল। বুধবাৰে এখন সংবাদমেলযোগে মঠ আৰু মিছনৰ সাধাৰণ সম্পাদক স্বামী সুবীৰানানন্দই তেওঁৰ নাম অধ্যক্ষ হিচাপে ঘোষণা কৰে। স্বামী সমৰানন্দ মহাৰাজৰ মৃত্যুৰ পিছত স্বামী গৌতমানন্দই অন্তৱৰ্তীকালীন অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰামকৃষ্ণ মঠ আৰু মিছনৰ মতে গণতান্ত্ৰিক ব্যৱস্থাত পৰিচালিত শতিকা পুৰণি আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত অধ্যক্ষ পদ কেতিয়াও খালী নহয়। অচিপৰিষদৰ আটাইতকৈ জ্যেষ্ঠ সহ-অধ্যক্ষ স্বামী গৌতমানন্দজীক অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। ২৭ মাৰ্চত অৰ্থাৎ ১৬ নং অধ্যক্ষ মহাৰাজৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা ৰামকৃষ্ণ মঠ আৰু মিছনৰ সাধাৰণ সম্পাদক সুবিৰানন্দ মহাৰাজে সংবাদ মাধ্যমৰ আগত কয় যে স্বামী সমৰানন্দজীৰ পিছত নতুন অধ্যক্ষ নিৰ্বাচন কৰিবলৈ প্ৰায় এমাহ সময় লাগিব। তেওঁ কয়, আমাৰ সংঘ গণতান্ত্ৰিক সংঘ। পৰিষদ আৰু পৰিচালনা সমিতিয়ে সিদ্ধান্ত ল’ব পৰৱৰ্তী অধ্যক্ষ কোন হ’ব। ২০-৩০ বছৰ ধৰি মঠ আৰু মিছন পৰিচালনা কৰি অহা সন্ন্যাসীসকলে সেই সিদ্ধান্তত অনুমোদন জনাব।
ৰামকৃষ্ণ মিছনৰ সূত্ৰ অনুসৰি স্বামী গৌতমানন্দই ১৯৫১ চনত মিছনত যোগদান কৰে। স্বামী ৰংগনাথানন্দজীৰ পৰা আধ্যাত্মিক প্ৰশিক্ষণ লৈছিল তেওঁ । ১৯৬৬ চনত তেওঁ মঠৰ দশম অধ্যক্ষ স্বামী বীৰেশ্ৰানন্দজীৰ পৰা সন্ন্যাস দীক্ষা লৈছিল। ইয়াৰ পিছত গৌতমানন্দজীয়ে অৰুণাচল প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ গ্ৰাম্য জনজাতীয় জনসাধাৰণৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটাবলৈ বহু সময় কাম কৰিছিল। চেণ্ট্ৰেল ব’ৰ্ড অৱ ছেকেণ্ডাৰী এডুকেশ্যন আৰু নেশ্যনেল কাউন্সিল ফৰ এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, নতুন দিল্লীৰ দৰে দুটা গুৰুত্বপূৰ্ণ ব’ৰ্ডত সাধাৰণ আৰু কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৯০ চনত গৌতমানন্দজী ৰামকৃষ্ণ মঠ আৰু মিছনৰ ন্যাসৰক্ষী হিচাপে নিৰ্বাচিত হয়। ১৯৯৫ চনত তেওঁ চেন্নাই মঠৰ মুৰব্বী হিচাপে দায়িত্ব লয়। মঠৰ এক বিবৃতিত কোৱা হৈছে যে দেশৰ লগতে বিদেশৰ বহু ঠাইত তেওঁৰ বক্তৃতাই ভাৰতৰ আধ্যাত্মিকতা আৰু বেদান্ত দৰ্শনৰ প্ৰতি আগ্ৰহৰ সৃষ্টি কৰিছে। এনে এজন জ্ঞানী আৰু সংস্কৃতি মনোভাৱৰ জ্যেষ্ঠ সন্ন্যাসীয়ে ৰামকৃষ্ণ মঠ আৰু মিছনৰ অধ্যক্ষ হিচাপে অন্তৱৰ্তীকালীন দায়িত্ব গ্ৰহণ কৰাত ভক্ত আৰু ভক্তসকল সুখী।