বহুতে দীৰ্ঘদিন ধৰি ওজন কমাবলৈ সংগ্ৰাম কৰি আহিছে। কিন্তু ওজন কমোৱাতো যথেষ্ট কঠিন ৷ পুষ্টিবিদসকলে কয় যে কেৱল জিম আৰু ডায়েটেই নহয়, ইয়াৰ বাবে সঠিক পৰিকল্পনাৰ প্ৰয়োজন। পুৱাৰ কেইটামান অভ্যাসে কেইদিনমানৰ ভিতৰতে অতিৰিক্ত ওজন কমাব পাৰে।
১) পুৱা এগিলাচ কুহুমীয়া পানীৰে দিনটো আৰম্ভ কৰাতো অতি উপকাৰী। বিশেষকৈ ওজন কমাব বিচাৰিলে গৰম পানী অতি ফলপ্ৰসূ। গৰম পানীয়ে শৰীৰৰ সকলো বিষাক্ত পদাৰ্থ উলিয়াই দিব পাৰে । হজম শক্তি উন্নত কৰাৰ বাবেও গৰম পানী অতি উত্তম।
২)বহুতে ওজন কমাবলৈ পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন সেৱন নকৰে। পুষ্টিবিদসকলে কয় যে প্ৰ’টিন সমৃদ্ধ খাদ্যই পেটটো বেছি সময়লৈ ভৰপূৰ কৰি ৰখাত সহায় কৰে। ফলত অতিমাত্ৰা খাদ্য খোৱাৰ প্ৰৱণতা কম হয়। প্ৰটিনযুক্ত খাদ্যই দীৰ্ঘ সময়ৰ বাবে ব্যায়াম কৰিবলৈও শক্তি প্ৰদান কৰে। খাদ্যৰ পৰ্যায়ত শৰীৰক শক্তি প্ৰদানৰ বাবেও প্ৰটিন খোৱাটো প্ৰয়োজনীয় বুলি পুষ্টিবিদসকলৰ মতে।
৩) ব্যায়াম ওজন কমাবলৈ অন্যতম অস্ত্ৰ। যদি আপুনি ক্ষীণ হ’ব বিচাৰে তেন্তে নিয়মিতভাৱে ব্যায়াম কৰিব লাগিব। ইয়াৰ বিকল্প নাই। জিমত হওক বা ঘৰতে হওক, ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। পুৱা ব্যায়াম কৰিলে ওজন কমাবলৈ অধিক ফলপ্ৰসূ হয়। সোনকালে ওজন কমাব বিচাৰিলেও ব্যায়াম বাধ্যতামূলক। কিন্তু আপুনি কেনেধৰণৰ ব্যায়াম কৰি আছে সেয়া গুৰুত্বপূৰ্ণ। তেনে ক্ষেত্ৰত প্ৰয়োজন হ’লে ফিটনেছ ট্ৰেইনাৰৰ পৰামৰ্শ ল’ব পাৰে।