লাডাখৰ পিছত এইবাৰ ছিয়াচেনত চীনৰ আগ্ৰাশন ঘটাৰ তথ্য পোহৰলৈ আহিছে । পাকিস্তানৰ দখলত থকা ভাৰতৰ ভূখণ্ডৰ শ্বাক্সগাম অঞ্চলত (সামৰিক ভাষাত ট্ৰেন্স কাৰাকোৰাম ট্ৰেক্ট) পথ আৰু সুৰংগ নিৰ্মাণৰ চীনৰ কাৰ্যকলাপ পোহৰলৈ আহিল। মেক্সাৰ টেকন’লজিয়ে প্ৰকাশ কৰা নতুন উপগ্ৰহৰ ছবিৰ পৰা দেখা গৈছে যে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে তাত স্থায়ী নিৰ্মাণ কাৰ্য চলাই আছে।
১৯৪৮ চনত পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ সেই অঞ্চল দখল কৰে। ১৯৬০ চনত ইছলামবাদে ছিয়াচেন হিমবাহৰ পূব প্ৰান্তত থকা শ্বাক্সগাম অঞ্চল বেইজিঙৰ হাতত অৰ্পণ কৰে। বিগত কেইবছৰমানৰ পৰা চীনা সেনাই ভাৰতৰ ভূখণ্ডৰ ভিতৰতো পূব লাডাখ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত গাঁও নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। এইবাৰ ইয়াৰ আদৰ্শ চিয়াচেন অঞ্চলতো পোৱা গ’ল।
কেইবছৰমানৰ আগতে উপগ্ৰহৰ ছবিত পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা চীনৰ সামৰিক নিৰ্মাণ দলঙৰ ‘কাৰ্য্যকলাপ’ দেখা গৈছিল। পিছত মেক্সাৰে প্ৰকাশ কৰা উপগ্ৰহৰ ছবিত দেখা গৈছে যে চীনৰ সেনাই এল এল চিৰ ওচৰৰ আকছাই চিন অঞ্চলত স্থায়ী বাংকাৰ আৰু বৃহৎ সুৰংগ নিৰ্মাণ কৰিছে। ভাৰতৰ মতে জি জিনপিঙৰ সেনাবাহিনীৰ এই পদক্ষেপ ভৱিষ্যতৰ সংঘাতৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে লোৱা হৈছে।
২০২৩ চনৰ জুলাই-আগষ্ট মাহত লোৱা উপগ্ৰহৰ ছবিসমূহৰ বিশ্লেষণ অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিশ্বাস কৰে যে মাটিৰ তলৰ বাংকাৰত গধুৰ অস্ত্ৰ আৰু বৃহৎ পৰিমাণৰ লজিষ্টিক সামগ্ৰী সংৰক্ষণৰ ব্যৱস্থা আছে। প্ৰসংগক্ৰমে সেই সময়ত চিয়াচেনৰ উপগ্ৰহৰ ছবিও লোৱা হৈছিল।
কাৰাকোৰাম ঘাইপথ (আনুষ্ঠানিকভাৱে চীন-পাকিস্তান ইকনমিক কৰিডৰ বা চিপিইচি নামেৰে জনাজাত) পশ্চিম চীনৰ জিনজিয়াং প্ৰদেশৰ কাছগড়ৰ পৰা দক্ষিণ পাকিস্তানৰ গ্ৱাদাৰ বন্দৰলৈকে গৈ শ্বাক্সগাম উপত্যকাৰ মাজেৰে পাৰ হৈ যায়। ১৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ‘বাই লেন’ ঘাইপথটো চীনৰ ‘ৱান বেল্ট ৱান ৰোড’ কাৰ্যসূচীৰ অন্যতম মূল অংশ। প্ৰতিৰক্ষা বিশেষজ্ঞৰ এটা অংশই বিশ্বাস কৰে যে যুদ্ধৰ পৰিস্থিতিত সৈন্য আৰু সামৰিক সঁজুলিৰ দ্ৰুত পৰিবহণৰ বাবে চীন সেনাই শ্বাক্সগাম-চিপিইচি সংযোগী পথ নিৰ্মাণ কৰি আছে। যিটো ভাৰতৰ বাবে চিন্তনীয়।