মৌচম ভৱনৰ আগজাননী অনুসৰি দেশৰ চাৰিখন ৰাজ্যত প্ৰচণ্ড ৰ’দ আৰু গৰম শীঘ্ৰে হ্ৰাস পোৱাৰ সম্ভাৱনা নাই। বৰঞ্চ অহা কেইদিনমানৰ ভিতৰত ২-৩ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাব। ফলত স্বাভাৱিকতে ৰাজ্যকেইখনত অস্বস্তি বাঢ়িব। মৌচম ভৱনে সতৰ্কবাণী জাৰি কৰি সেই চাৰিখন ৰাজ্য হৈছে বিহাৰ, ঝাৰখণ্ড , ওড়িশা আৰু পশ্চিম বংগ ৷ ৰাজ্যকেইখনত ভয়াৱহ গ্ৰীষ্মপ্ৰৱাহৰ আগজাননী দিয়া হৈছে ৷
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক পাঁচ দিনলৈ পূব আৰু দক্ষিণ উপদ্বীপ ভাৰতত তীব্ৰ গৰমৰ ঢৌ অব্যাহত থাকিব। বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাৰ কিছু অংশৰ লগতে গংগেটিক পশ্চিম বংগৰ বাবেও তীব্ৰ গৰমৰ ঢৌৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আনহাতে উত্তৰ প্ৰদেশ, কংকন আৰু গোৱাত অব্যাহত থাকিব গৰমৰ ঢৌ। আগন্তুক দুদিনলৈ পূব ভাৰতৰ ৰাজ্যসমূহত ২-৩ ডিগ্ৰীতকৈ অধিক তাপমাত্ৰা বৃদ্ধি পাব। ইয়াৰ উপৰিও মহাৰাষ্ট্ৰ আৰু দেশৰ দক্ষিণ অংশ যেনে অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰায়ালাসীমা আৰু কৰ্ণাটকত অহা পাঁচ দিনত তাপমাত্ৰা বৃদ্ধি পাব।
যদিও দেশৰ পূব আৰু দক্ষিণ অংশ, পশ্চিম হিমালয় অঞ্চল, উত্তৰ-পশ্চিম ভাৰতৰ সমভূমি অঞ্চলত ২৯ এপ্ৰিললৈকে ধুমুহা -বৰষুণ হ’ব। মধ্য ভাৰততো বৰষুণৰ সম্ভাৱনা নাই। অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ধুমুহাৰ আগজাননী দিছে। পুনৰ ২৮-৩০ এপ্ৰিললৈ উত্তৰ-পূব ভাৰতত প্ৰচণ্ড বৰষুণৰ আগজাননী দিয়া হৈছে। বৰষুণৰ ফলত বান পৰিস্থিতি আৰু ভূমিস্খলনৰ বাবেও সতৰ্কবাণী জাৰি কৰা হৈছে।