এসাঁজ ভাত আৰু এসাজ ৰুটি। খাদ্য সম্পৰ্কীয় এই নিয়ম বহু ঘৰত পালন কৰা হয়। বহু ঘৰত ব্ৰেকফাষ্টত ৰুটি আন কোনো তৰকাৰী খোৱাৰ প্ৰথাও আছে। গৰমৰ দিনত বহুলোকে ৰুটি খাবলৈ ভয় কৰে।বহুলোকৰ ঘেঁহুৰ ৰুটি খালে বুকু জ্বলা পোৰা কৰাৰ লগতে শাৰিৰীক সমস্যাৰ সৃষ্টি হয় ৷ কিন্তু এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আছে। ঘেঁহুৰ বিকল্প ব্যৱহাৰ কৰি ৰুটি তৈয়াৰ কৰিব পাৰি, যিবোৰ সহজে হজম হয়।
১. গোটা শস্যৰ পৰা তৈয়াৰী আটাৰ ৰুটি:
পুষ্টিবিদসকলৰ মতে বাজৰা, ওটচ, যৱ মিহলাই তৈয়াৰ কৰা আটা আন্ত্ৰিক অংশ সুস্থ কৰি ৰাখিবলৈ সৰ্বোত্তম। আঁহ, প্ৰটিন আৰু বিভিন্ন ভিটামিনেৰে সমৃদ্ধ এই আটা খালে ওজন বৃদ্ধিৰ কোনো আশংকা নাথাকে। পাচনতন্ত্ৰৰ সমস্যা থাকিলে ঘেঁহুৰ আটাৰ সলনি গোটা শস্যৰ আটাৰে তৈয়াৰী ৰুটি খাব পাৰে।
২. বেচন ৰুটি বা চিল্লা:
আঁহযুক্ত, বিভিন্ন খনিজ পদাৰ্থ, প্ৰটিন, আইৰণ আৰু জিংকযুক্ত বেচনৰ আটা ওজন নিয়ন্ত্ৰণত সহায়ক। বেচনে সামগ্ৰিক স্বাস্থ্যৰ যত্ন লোৱাতো সহায় কৰে।
৩. বাজৰা ৰুটি:
ঘেঁহুৰ বিকল্প হিচাপে বাজৰা বা ‘পাৰ্ল বাজৰা’ ব্যৱহাৰ কৰিব পাৰি। আঁহ, আইৰণ, মেগনেছিয়াম আৰু বিভিন্ন এন্টিঅক্সিডেন্টৰে সমৃদ্ধ বাজৰাৰ আন্ত্ৰিক অংশ সুস্থ কৰি ৰাখে। ইয়াৰ উপৰিও পাচনতন্ত্ৰৰ বিকাৰো নিৰাময় কৰে। বাজৰাৰ ৰুটিয়েও তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।