দিল্লীৰ বহু বিদ্যালয়ত বোমাতংকই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ বুধবাৰে পুৱা নয়ডা আৰু গাজিয়াবাদৰ বহু বিদ্যালয়লৈও ইমেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকি প্ৰেৰণ কৰা হয়। এই ভাবুকিপূৰ্ণ মেইল পোৱাৰ পিছতে বিদ্যালয়সমূহত আতংক বিয়পি পৰে। তৎকালীনভাৱে বিদ্যালয়ৰ চৌহদ খালী কৰা হয়। ঘটনাস্থলীত উপস্থিত হয় বোমা স্কোৱাড আৰু দিল্লী অগ্নিনিৰ্বাপক বাহিনী। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে।
সূত্ৰ অনুসৰি নয়ডা আৰু গাজিয়াবাদৰ একেলগে কমেও ১০০খন বিদ্যালয়ে বোমাৰ ভাবুকি লাভ কৰিছে, য’ত দিল্লীৰ চাণক্যপুৰীৰ সংস্কাৰতী স্কুল, ময়ুৰবিহাৰৰ মাদাৰ মেৰী স্কুল, দ্বাৰকাৰ দিল্লী পাব্লিক স্কুলে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছে। ইফালে মাদাৰ মেৰী স্কুলত পৰীক্ষা চলি আছিল যদিও ভাবুকিপূৰ্ণ মেইল পোৱাৰ পিছতে এই পৰীক্ষা বন্ধ কৰি দিয়া হয়। এই ভাবুকি পোৱাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই স্থানীয় আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আহি বিদ্যালয় চৌহদ খালী কৰিবলৈ নিৰ্দেশ দিলে। বোমা বিচাৰি সেই স্থানত উপস্থিত হয় বোমা স্কোৱাড। পিছত অগ্নিনিৰ্বাপক বাহিনীকো খবৰ দিয়া হয়। কিন্তু এতিয়ালৈকে কোনো বিদ্যালয়তে কোনো বোমা পোৱা নাই।
ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক ঘৰলৈ পঠিয়াবলৈ অভিভাৱকক অৱগত কৰিছে। আতংকিত অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতি আহে ৷ অৱশ্যে গৃহ মন্ত্ৰালয়ে দিল্লীবাসীক আতংকিত নহ’বলৈ অনুৰোধ জনাইছে ৷ কোনো লোকৰ এয়া এক ভুৱা ই-মেইল । উল্লেখযোগ্য যে ফেব্ৰুৱাৰী মাহত আৰ কে পুৰমৰ দিল্লী পুলিচ স্কুললৈও একেধৰণৰ ভাবুকিমূলক মেইল প্ৰেৰণ কৰা হৈছিল।