অৱশেষত দুটা ভাগত বিভক্ত হ’ল গডৰেজ কোম্পানী ৷ গডৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপ আৰু গডৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ বহু কোম্পানীয়ে ইমান দিনে এই ১২৭ বছৰীয়া একেলগে কাম কৰি আহিছে। গডৰেজ গ্ৰুপে এক বিবৃতিত কয় যে এই সকলোবোৰ কোম্পানীক দুটা ভাগত বিভক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
তলাৰ পৰা আৰম্ভ কৰি চাবোন, ফ্ৰীজ, আলমাৰী, ঘৰুৱা আচবাব, পাকঘৰ আৰু বাথৰুমৰ সঁজুলিলৈকে গডৰেজৰ ব্যৱসায় আছে। টাটা গ্ৰুপৰ দৰে গডৰেজৰ সামগ্ৰীৰো ভাৰতীয় বজাৰত আছে বিপুল চাহিদা ৷১৮৯৭ চনত ব্যৱসায়ী আৰ্দেশী গডৰেজে এই প্ৰতিষ্ঠানটো আৰম্ভ কৰিছিল। পিছত আৰ্দেশীৰ ভাতৃ পিৰোজছা আৰু তেওঁৰ সন্তানে এই গোটৰ দায়িত্ব লয়। পিৰোজছাৰ পুত্ৰ বুৰ্জৰ গডৰেজৰ সন্তান আদি আৰু নাদিৰ তথা কণিষ্ঠ পুত্ৰ নৱল গডৰেজৰ জামছিদ আৰু স্মিতা গডৰেজ কৃষ্ণৰ মাজত বিভক্ত হৈছে গডৰেজ গোটৰ কোম্পানী।গডৰেজৰ বংশত তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্ম আদিৰ পুত্ৰ পিৰোজছা গডৰেজ (৪২) আৰু স্মিতাৰ কন্যা নিৰিকা হোলকৰে (৪২)ও দায়িত্ব চম্ভালিবলৈ আৰম্ভ কৰিছে।
আদিৰ বয়স এতিয়া ৮২ বছৰ। নাদিৰৰ বয়স ৭৩ বছৰ। জামছিদ আৰু স্মিতাৰ বয়স ক্ৰমে ৭৫ আৰু ৭৪ বছৰ। নতুন সিদ্ধান্ত অনুসৰি গডৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ অন্তৰ্গত ৫টা তালিকাভুক্ত কোম্পানী (অৰ্থাৎ ষ্টক মাৰ্কেটত তালিকাভুক্ত কোম্পানী) আদি আৰু নাদিৰৰ হাতত থাকিব। এই কোম্পানীসমূহ হ’ল – গডৰেজ ইণ্ডাষ্ট্ৰীজ, গডৰেজ কনজিউমাৰ প্ৰডাক্টছ, গডৰেজ প্ৰপাৰ্টিজ, গডৰেজ এক্ৰ’বেট আৰু এজটেক লাইফছায়েন্সেছ। এই সংগঠনসমূহৰ অধ্যক্ষ হ’ব নাদিৰ। আদি-পুত্ৰ পিৰোজছা কাৰ্যবাহী উপাধ্যক্ষ হ’ব। ২০২৬ চনৰ আগষ্ট মাহত তেওঁ নাদিৰৰ উত্তৰাধিকাৰী হ’ব।
আনহাতে, গডৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ অধীনত তালিকাভুক্ত নোহোৱা কোম্পানী (ষ্টক মাৰ্কেটত তালিকাভুক্ত নোহোৱা কোম্পানী) সমূহৰ গডৰেজ এণ্ড বয়ছৰ অধীনত বহুতো সৰু সৰু কোম্পানী আছে। বিমান, মহাকাশ, প্ৰতিৰক্ষা, আচবাব, আই টি উদ্যোগত তেওঁলোকৰ উপস্থিতি আছে। এই কোম্পানীসমূহ পৰিচালনা কৰিব জামছিদ গডৰেজে। তেওঁ এই কোম্পানীসমূহৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হ’ব। কাৰ্যবাহী সঞ্চালক হ’ব নিৰিকা। মুম্বাইৰ বুকুত জামছিদ আৰু স্মিতাৰ ৩৪০০ একৰ মাটিও থাকিব।
মালিকীস্বত্বৰ পৰিৱৰ্তন সন্দৰ্ভত এক বিবৃতিত গডৰেজ গোটে কয় যে এই সিদ্ধান্ত আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে পাৰিবাৰিকভাৱে লোৱা হৈছে। কাৰণ দিয়া হ’ল গডৰেজ পৰিয়ালৰ সদস্যসকলৰ ব্যৱসায়িক দৰ্শন আৰু দৃষ্টিভংগীক গুৰুত্ব আৰু স্বীকৃতি দিয়াৰ সিদ্ধান্ত। গডৰেজ গ্ৰুপে বিবৃতিটোত কয় যে ইয়াৰ দ্বাৰা অৱশেষত শ্বেয়াৰহোল্ডাৰসকল উপকৃত হ’ব।