চৰ্দিৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে তুলসী পাতৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ বাহিৰেও তুলসী পাতৰ বিভিন্ন গুণ আছে। ৪-৫ টা তুলসীৰ পাত খাই দিনটোৰ আৰম্ভণি কৰিব পাৰে, তেন্তে ই শৰীৰক বহু দিশত উপকাৰ কৰিব। এই পাত তিতা সোৱাদ থাকিলেও কিয় খাব লাগে জানি লওক।
১) ওজন নিয়ন্ত্ৰণ কৰে: বহুতে হয়তো নাজানে যে তুলসীৰ পাত খালে ওজন হ্ৰাস হয়। তুলসীৰ পাতৰ হজম শক্তি খৰতকীয়া কৰা গুণ আছে। ফলত ওজন সোনকালে কমাব পাৰি।
২) ডায়েবেটিছ নিয়ন্ত্ৰণ কৰেঃ বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে তুলসীৰ পাতত থকা যৌগবোৰে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তুলসীত থকা বিভিন্ন পদাৰ্থই ইনচুলিনৰ নিঃসৰণ বৃদ্ধি কৰাত সহায় কৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে তুলসীৰ পাত খাব পাৰে।
৩) মুখৰ দুৰ্গন্ধ নাইকিয়া কৰে: তুলসীৰ পাতে মুখৰ বেক্টেৰিয়া নিধন কৰাত সহায় কৰে। প্ৰতিদিনে পুৱা কেইটামান তুলসীৰ পাত চোবাই খালে মুখৰ ক্ষতিকাৰক বেক্টেৰিয়া নষ্ট হয়। ই দুৰ্গন্ধ কমায়।
৪) হাওঁফাওঁৰ কাৰ্য্য বৃদ্ধি কৰেঃ চৰ্দি আৰু কাহ বাঢ়িলে তুলসীৰ পাত খোৱা বুলি প্ৰায়ে কোৱা হয়। এই পাতত এনে উপাদান থাকে যিবোৰে হাওঁফাওঁৰ স্বাস্থ্য ৰক্ষা কৰাৰ ক্ষমতা ৰাখে। তুলসীৰ পাতে ব্ৰংকাইটিছৰ দৰে ৰোগৰ পৰা আঁতৰাই ৰাখে।
৫)ছালৰ বাবেও উপকাৰী: তুলসীৰ পাতত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে। নিয়মিতভাৱে তুলসীৰ পাত চোবাই খালে ছালত বয়সৰ লক্ষণ ৰোধ কৰা সম্ভৱ। ব্ৰণৰ সমস্যা থকা সকলেও তুলসীৰ পাত নিয়মীয়াকৈ সেৱন কৰিলেও উপকৃত হ’ব।