২০২৫ বৰ্ষৰ পদ্ম সন্মানৰ বাবে অনলাইনযোগে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া বুধবাৰৰ পৰা আৰম্ভ হৈছে। পদ্ম সন্মানৰ বাবে নাম মনোনয়ন কৰাৰ অন্তিম দিন হৈছে ১৫ ছেপ্তেম্বৰ ৷ ৰাষ্ট্ৰীয় পুৰস্কাৰ পার্টেল (awards.gov.in)ৰ যোগে পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পাৰিব ৷
উল্লেখযোগ্য যে কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত প্রদান কৰা হয় পদ্ম বঁটাসমূহ । এইবঁটাসমূহ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্রী শিতানত প্রদান কৰা হয়। প্রতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়।