গৰমৰ দিনত ডিঙি শুকান হ’লে বহু লোকে ডাবৰ পানীৰ চুমুক দি আছে। তীব্ৰ ৰ’দত মিঠা সোৱাদযুক্ত ডাবৰ পানীয়েই শৰীৰ শীতল কৰি তোলে ৷ ইয়াৰ উপকাৰিতাৰ সত্ত্বেও পুষ্টিবিদসকলে অনুভৱ কৰে যে ডাবৰ পানী প্ৰতিদিনে সেৱন কৰা উচিত নহয়। কিন্তু কিয়? প্ৰতিদিনে ডাবৰ পানী খোৱাৰ ফলত কি কি সমস্যা হব পাৰে?
তেজত শর্কৰাৰ মাত্ৰা বৃদ্ধি পায়
ডাবৰ পানীত চেনিৰ পৰিমাণ কম। তাৰ পৰিৱৰ্তে আন ফলমূলত প্ৰচুৰ পৰিমাণে চেনি থাকে। কিন্তু ডাবৰ পানী সেৱন কৰিলে মধুমেহ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। কাৰণ এই পানীয়ত কেলৰি আৰু কাৰ্বহাইড্ৰেটৰ পৰিমাণ অতি বেছি। এই দুটা কাৰকে তেজৰ শর্কৰা বৃদ্ধিৰ অন্যতম কাৰণ হ’ব পাৰে।
ওজন বৃদ্ধি
চেনি কম হোৱাৰ বাবে ডাবৰ পানীয়ে ওজন নিয়ন্ত্ৰণত ৰাখে ৷এটা ধাৰণা সম্পূৰ্ণ ভুল। চেনিৰ পৰিমাণ কম হ’লেও ইয়াত কেলৰি প্ৰচুৰ পৰিমাণে থাকে। প্ৰতিদিনে কম পৰিমাণে হ’লেও এই কেলৰি শৰীৰত প্ৰৱেশ কৰিলে মেদবহুলতাৰ আশংকা থাকে।
ডায়েৰিয়াৰ আশংকা
গ্ৰীষ্মকালত অত্যধিক ঘাম ওলায় ৷ শাৰীৰিক পৰিশ্ৰমৰ ফলত ইয়াৰ পৰিমাণ বৃদ্ধি পায়। বহুতে ঘাম ওলোৱাৰ পাছত ডাবৰ পানী খায় ৷ ইয়াৰ দ্বাৰা সাময়িক সকাহও পোৱা যায়। কিন্তু ডাবৰ পানীত যথেষ্ট পৰিমাণে ছডিয়াম থাকে। যাৰ ফলত শৰীৰৰ আৰ্দ্ৰতা হ্ৰাস পায়। ফলত ডি-হাইড্ৰেচনৰ আশংকা বৃদ্ধি পায়। তাৰ পৰাই ডায়েৰিয়াৰ আশংকা থাকে।