আজি অগ্ৰণী প্ৰকাশন অনুষ্ঠান “পৰাগজ্যোতি প্ৰকাশন” ৰ উদ্যোগত অসমৰ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ৮২ বৰ্ষীয়া ড০ নাৰায়ণ দাসক তেওঁৰ নিজৰ বাসগৃহ আজাৰা ৰাজহ চক্ৰৰ ডেকাপাৰাত উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।
প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, ‘সাহিত্য কোঁৱৰ’ কমল কলিতাই কয়- “ড০ নাৰায়ণ দাস প্ৰগাঢ় ব্যক্তিত্বৰ অধিকাৰী । ভাষা আৰু লিপিৰ এজন উচ্ছমান বিশিষ্ট গৱেষক । এজনা গভীৰ আত্মোদৃষ্টিসম্পন্ন সুবক্তা ।
“সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ উপদেষ্টা মনোৰঞ্জন ভট্টাচাৰ্যই অনুষ্ঠানত অংশ লৈ কয়- “পৰাগজ্যোতি প্ৰকাশনে মহৎ কাম কৰিলে । ড০ দাস চাৰৰ জ্ঞানৰ পৰিধি বিশাল । ন-প্ৰজন্মই তেওঁৰ সৃষ্টিৰাজি গভীৰ ভাৱে পঢ়িব লাগিব । বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আজীৱন শিক্ষাব্ৰতী, গৱেষক ড০ দাস চাৰৰ ৰচনানাসমূহৰে আগবাঢ়িব লাগিব । “আজাৰা সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্টা কবি বুলু কুমাৰী বড়াই অংশ লৈ কয়— “ড০ নাৰায়ণ দাসৰ ৰচনা, নিবন্ধসমূহ সূক্ষ্মৰো সূক্ষ্ম উপলব্ধিযুক্ত ।
প্ৰতিটো নিবন্ধই গৱেষনালব্ধ । “সম্বৰ্দ্ধনা গ্ৰহণ কৰি ড০ নাৰায়ণ দাসে কয়- “পৰাগজ্যোতি প্ৰকাশন আগুৱাই থাকক । অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে অহৰহ কাম কৰক । অসমীয়া ভাষাৰ কোনোকালে মৃত্যু নহয় । অসম সাহিত্য সভাই পূৰ্বৰ সন্মান আজুৰি আনিবলৈ আৰু অনেক কাম কৰিব কৰিব লাগিব ।”