“উন্নয়ন খণ্ডত প্ৰকল্প ব্যৱস্থাপনা”ৰ ছমহীয়া প্ৰমাণ পত্ৰ পাঠ্যক্ৰম উত্তীর্ণসকলৰ বাবে প্ৰথম দীক্ষান্ত কার্যসূচীৰ দৰে গুৰুত্বপূর্ণ অনুষ্ঠানৰ আয়োজন কৰে ভাৰতীয় উদ্যোমিতা প্ৰতিষ্ঠান (আই আই ই), গুৱাহাটীয়ে । যোৱা ৩ মে’ত আই আই ই গুৱাহাটী চৌহদত অনুষ্ঠিত এই অনুষ্ঠানত আঠগৰাকী শিক্ষার্থীক শৈক্ষিক স্বীকৃতি প্ৰদান কৰা হয় ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড০ প্ৰতাপ জ্যোতি সন্দিকৈয়ে তেওঁলোকক ডিগ্ৰী প্ৰদান কৰে। আই আই ই ,গুৱাহাটীৰ সঞ্চালক ড০ ললিত শৰ্মাইও এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে। পাঠ্যক্ৰম সঞ্চালক ড০ শান্তনু মোহন ডেকা, পাঠ্যক্ৰম সমন্বয়ক ড০ ভাস্কৰ কুমাৰ কাকতিকে ধৰি অন্যান্য বিশিষ্ট অধ্যাপকসকলে তেওঁলোকৰ উপস্থিতিৰে অনুষ্ঠানটোৰ শোভাবর্ধন কৰে । ইয়াৰ উপৰিও আই আই ই ,গুৱাহাটীৰ বিষয়া আৰু বিভিন্ন প্ৰতিষ্ঠানৰ অতিথিসকলে অনু্ঠানত অংশগ্ৰহণ কৰি ডিগ্ৰীপ্ৰাপ্ত শিক্ষার্থীসকলক উৎসাহিত কৰে ৷
সমাৱৰ্তনৰ মুখ্য অতিথি অধ্যাপক সন্দিকৈয়ে স্নাতক ছাত্ৰ-ছাত্ৰীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। ভাষণত তেওঁ দেশৰ উন্নয়নশীল পৰিৱেশত প্ৰকল্প ব্যৱস্থাপনাৰ দৰে পাঠ্যক্ৰমৰ সৰ্বোচ্চ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ আই আই ইৰ দৰে প্ৰতিষ্ঠানসমূহৰ সমগ্ৰ দেশতে ভিন্ন উন্নয়ন প্ৰকল্পৰ নেতৃত্ব দিব পৰা দক্ষ জনশক্তিৰ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰে।
উল্লেখযোগ্য যে উন্নয়ন খণ্ডত প্ৰকল্প ব্যৱস্থাপনাৰ চাৰ্টিফিকেট পাঠ্যক্ৰম আই আই ই, গুৱাহাটী আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, শ্বিলঙৰ যৌথ প্ৰচেষ্টাত প্ৰৱর্তন কৰা হৈছে ৷ শিক্ষার্থীসকলক উন্নয়নমূলক খণ্ডৰ ভিতৰত প্ৰকল্প পৰিচালনাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে সমৃদ্ধ কৰাই এই যৌথ পদক্ষেপৰ লক্ষ্য হৈছে ।