গৰমৰ দিনত ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ বেছি ৷ ফ্ৰীজটো সকলো সময়তে চলি থাকে। গোটেই দিনটো এচিৰ দৰে ফ্ৰীজ চলিলেও বিদ্যুতৰ বিল বাঢ়ি যায়। কিন্তু গৰমৰ দিনকেইটাত ফ্ৰীজটো সোনকালে বন্ধ কৰিব নোৱাৰি। বিশেষকৈ এই গ্ৰীষ্মকালত। অৱশ্যে কিছুমান কৌশল জানিলে গোটেই দিনটো ফ্ৰীজ চলাই থাকিলেও বিল কম হ’ব। সেয়া কেনেকৈ সম্ভৱ?
১. বহুতে ভাবে যে ফ্ৰীজত অধিক বস্তু ৰাখিলে বিল বেছি হ’ব। কিন্তু এই ধাৰণাটো একেবাৰে শুদ্ধ নহয়। বৰং ফ্ৰীজটো খালীকৈ নচলালেই ভাল। বিল বৃদ্ধি কৰে। পৰ্যাপ্ত পৰিমাণৰ খাদ্য ফ্ৰীজত ৰাখিব।
২. বতৰ আৰু প্ৰয়োজন অনুসৰি ফ্ৰীজৰ উষ্ণতা সালসলনি কৰক। শীত আৰু গ্ৰীষ্মকালত ফ্ৰীজৰ উষ্ণতা একে নাৰাখিব ৷ গৰমৰ দিনত ফ্ৰীজৰ উষ্ণতা বৃদ্ধি কৰিব পাৰে। কিন্তু কেতিয়াবা ফ্ৰীজটো ঠাণ্ডা হ’লে অলপ সময়ৰ বাবে বন্ধ কৰি পুনৰ অতি সাৱধানে অন কৰিব পাৰে। অন্যথা ভিতৰৰ খাদ্য নষ্ট হ’ব পাৰে।
৩. বহুতে প্ৰয়োজনীয় বস্তু লৈ ফ্ৰীজৰ দুৱাৰখন বন্ধ কৰিবলৈ পাহৰি যায়। এইটো একেবাৰে সঠিক নহয়। ফ্ৰীজৰ দুৱাৰখন খোলা ৰাখিলে ভিতৰৰ ঠাণ্ডা ওলাই যায়। কম্প্ৰেছাৰৰ ওপৰত চাপ পৰে। ফ্ৰীজটোৱে নিজকে ঠাণ্ডা কৰি ৰাখিবলৈ অতিৰিক্ত বিদ্যুৎ খৰচ কৰে। গতিকে বস্তুবোৰ লোৱাৰ পিছত ফ্ৰীজৰ দুৱাৰখন বন্ধ কৰিবলৈ নাপাহৰিব ৷
৪. চাফা কৰাৰ সময়ত ফ্ৰীজটো ‘ছুইচ অফ’ কৰাটো নিশ্চিত কৰক।
৫. গৰম খাদ্য ফ্ৰীজত নাৰাখিব। অলপ সময় ঠাণ্ডা হ’বলৈ এৰি দিব, তাৰ পিছত ফ্ৰীজত থৈ দিব।