VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটীৰ ৰেভ পাৰ্টীত অভিযুক্ত ৭ জনক জামিন প্ৰদানঃ ৫ জনৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

voicedesk by voicedesk
September 10, 2021
in মুখ্য সংবাদ, জীৱন, সমাজ
গুৱাহাটীৰ ৰেভ পাৰ্টীত অভিযুক্ত ৭ জনক জামিন প্ৰদানঃ ৫ জনৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত জন্মদিনৰ নামত কোকেইন পাৰ্টী কৰি আৰক্ষীৰ ৰোষত পৰা অভিযুক্তসকলৰ ৭ জনৰ জামিন মঞ্জুৰ কৰিছে উচ্চ ন্যায়ালয়ে। আনহাতে ৫ জনৰ জামিন আবেদন ন্যায়ালয়ে নাকচ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা ১৪ আগষ্টত গুৱাহাটীৰ এটা ফ্লেটত জন্মদিনৰ নামত ড্ৰাগছৰ উৎসৱ পতা কেইজনমান ব্যক্তিক লতাশিল থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইতিমধ্যে বিভিন্ন কাকতে-পত্ৰই এই সম্পৰ্কীয় বিতং বাতৰি প্ৰকাশ পাইছে।

খাৰঘূলিৰ ৰিভেৰিয়া নামৰ এপাৰ্টমেণ্টটোত গৃহ নিৰ্মানকাৰী ব্যৱসায়ী অমিত বৰুৱাৰ জন্মদিন পালন কৰিবলৈ লগ হোৱা একাংশ ব্যক্তিয়ে কোটিটকীয়া ড্ৰাগছ তথা অন্যান্য নিচাযুক্ত দ্ৰব্যৰ আমদানি ঘটাই মাজনিশালৈ নৃত্য-গীতত মচগুল হৈ থকাৰ সময়তে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল।

অমিত বৰুৱাৰ ড্ৰাগছৰ পাৰ্টীত আৱিস্কাৰ হোৱা ১৮ গৰাকী পুৰুষ-মহিলাৰ বয়স তথা সামাজিক স্থিতিৰ ছবিয়ে ৰাইজৰ চকু কপালত তুলিছিল। উল্লেখযোগ্য যে নিষিদ্ধ ড্ৰাগছৰ বেহাৰে আনন্দ-তামাছাত মগ্ন এইসকল ব্যক্তিয়ে বিভিন্ন সামাজিক স্থানত অন্যায়ৰ বিৰুদ্ধে গৈ মাত মতাৰ দৰে আৰক্ষীৰ অভিযানৰো প্ৰতিবাদ কৰিছিল।

লতাশিল থানাৰ আলহী হোৱা এইসকল ব্যক্তি আছিল, বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰিয়া, চয়ন শইকীয়া, অমিত পেগু, অমিত বৰুৱা, অশোক বৰ্মন, হীৰেন্দ্ৰ সিনহা, ৰিদীপ বৰুৱা, সিদ্ধাৰ্থ বৰঠাকুৰ, নাছিফ আহমেদৰ পত্নী নৱমল্লিকা চৌধুৰী, ৰাকেশ বৰগোঁহাই, দেৱযানী হাজৰিকা, অমিত বৰুৱাৰ পত্নী জুবি বৰুৱা, ৰাকেশ বৰগোঁহাইৰ পত্নী নয়নিকা বৰুৱা, সুমিত কুমাৰ বেৰিয়াৰ পত্নী দেৱৰ্ষি বৰুৱা, ৰিদীপ বৰাৰ পত্নী নিমিষা ভূঞা, আৰু পংকজ কাকতি।

প্ৰাপ্ত তথ্য অনুসৰি ১২ জন অভিযুক্তই জামিন বিচাৰি আবেদন কৰিছিল। আনহাতে ড্ৰাগছ পাৰ্টীৰ আঁৰৰ প্ৰধান ব্যক্তি বিশাল চৌধুৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে তেওঁ বিগত দুবছৰ ধৰি ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছিল। গোচৰটোৰ মুখ্য অভিযুক্ত চৌধুৰীক আৰক্ষীয়ে ২৮ আগষ্টত দিল্লীত গ্ৰেপ্তাৰ কৰিছিল।

জামিন লাভ কৰা ব্যক্তিসকলৰ নাম এই পৰ্যন্ত ভয়ছৰ প্ৰতিবেদকৰ হাতত পৰাহি নাই।

Previous Post

৬ মাহৰ যুদ্ধবিৰতি ঘোষণা ডি এন এল এ গোটৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শান্তি আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি

Next Post

ফোন নম্বৰ নথিভুক্ত নথকাকৈ কিদৰে ডাউনলোড কৰিব আধাৰ কাৰ্ড জানো আহক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ফোন নম্বৰ নথিভুক্ত নথকাকৈ কিদৰে ডাউনলোড কৰিব আধাৰ কাৰ্ড জানো আহক

ফোন নম্বৰ নথিভুক্ত নথকাকৈ কিদৰে ডাউনলোড কৰিব আধাৰ কাৰ্ড জানো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7