ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে ছিটবেল্ট বান্ধি ‘স্পেচ টেক্সি’ত বহি আছিল। মঙলবাৰে তৃতীয়বাৰৰ বাবে মহাকাশলৈ যোৱাৰ কথা আছিল তেওঁ । এই অভিযানত সুনীতাৰ সংগী আছিল বুচ উইলম’ৰ। কিন্তু মহাকাশলৈ উৰণৰ পূর্বে সুনীতাৰ যাত্ৰা বন্ধ হৈ পৰে ৷ সূত্ৰৰ পৰা জানিব পৰা মতে, যান্ত্ৰিক বিজুতিৰ বাবে এই অভিযান আপাততঃ স্থগিত ৰখা হৈছে। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই মহাকাশ অভিযান পুনৰ কেতিয়া হ’ব সেয়া নিশ্চিতভাৱে প্ৰকাশ কৰা নাই ৷
মঙলবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৮:০৪ বজাত বয়িঙৰ চি এছ টি-১০০ ষ্টাৰলাইনাৰ মহাকাশ টেক্সিখন কেনেডী মহাকাশ কেন্দ্ৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰাৰ কথা আছিল। প্ৰস্তুতিও পূৰ্ণ গতিত চলি আছিল। সুনীতা আৰু বুচ, দুয়ো বিশেষ পোছাক পৰিধান কৰি মহাকাশযানখনত উঠি মহাকাশলৈ যাবলৈ সাজু হৈ পৰে ৷ কিন্তু মহাকাশ টেক্সিখনৰ যান্ত্ৰিক সমস্যাৰ বাবে চিন্তিত হৈ পৰে নাছাৰ বিজ্ঞানীসকল। মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে । কিন্তু শেষত সেই বাহনখনৰ মেৰামতি সম্ভৱ নহ’ল। যাত্ৰাৰ ডেৰ ঘণ্টা পূৰ্বে নাছাই এই অভিযান স্থগিত ৰাখিবলৈ বাধ্য হয়। ইয়াৰ পিছত মহাকাশ টেক্সিৰ পৰা সুনীতা ওলাই আহিল। নাছাৰ তথ্য অনুসৰি ৰকেটৰ দ্বিতীয় পৰ্যায়ৰ এটা ভালভত বিজুতি ঘটে। সেই ভালভটো মেৰামতিৰ চেষ্টা কৰা হৈছিল। কিন্তু শেষত উৰণ বাতিল কৰিবলগীয়া হ’ল।
মহাকাশ টেক্সিখন মহাকাশলৈ নিয়াৰ দায়িত্ব লৈছিল ইউনাইটেড লঞ্চ এলায়েন্স এল এল চি (ইউ এল চি) এটলাছ-৫ ৰকেট। ব্যৱসায়িক মহাকাশ ভ্ৰমণৰ প্ৰস্তুতি ব্যক্তিগত উদ্যোগৰ দ্বাৰা দীৰ্ঘদিন ধৰি চলি আহিছে। কিন্তু বিভিন্ন কাৰিকৰী সমস্যাত ভুগিছিল। এই প্ৰশ্ন উত্থাপন হৈ আহিছিল যে তেওঁলোক মানুহক নিৰাপদে মহাকাশলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হ’বনে? মঙলবাৰে সুনীতাৰ উৰণ বাতিল হোৱাৰ পিছত সেই প্ৰশ্নই পুনৰ উত্থাপন হৈছে ৷
৫৯ বছৰীয়া সুনীতা নৌসেনাৰ এগৰাকী উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত টেষ্ট পাইলট। ইয়াৰ আগতেও দুবাৰ তেওঁ মহাকাশলৈ গৈছে। ২০০৬ চনত প্ৰথমবাৰ আৰু ২০১২ চনত দ্বিতীয়বাৰৰ বাবে তেওঁ মহাকাশলৈ গৈছিল । নাছাই প্ৰকাশ কৰা তথ্য অনুসৰি তেওঁ ৩২২ দিন মহাকাশত কটাইছে। তেওঁ মহাকাশত মুঠ ৫০ ঘণ্টা ৪০ মিনিট সময় খোজ কাঢ়িছে মহাকাশ ভ্ৰমণৰ সময়ত। পাছত সুনীতাৰ অভিলেখ ভংগ কৰে পেগী হুইটছনে।