পুৱাৰ ডিটক্স পানীয়ৰ পৰা আৰম্ভ কৰি তৰকাৰী, মাছ বা মাংসৰ যিকোনো খাদ্যলৈকে—আদা ব্যৱহাৰ কৰা হয় । বমি, মূৰৰ বিষ, ডায়েৰিয়া, চৰ্দি আৰু ঋতুস্ৰাৱৰ সমস্যা নিৰাময়ৰ বাবে আদা খোৱাৰ পৰামৰ্শ দিয়াটো আয়ুৰ্বেদত অতি পুৰণি প্ৰথা। আদাত কিছুমান অত্যাৱশ্যকীয় এন্টি-অক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে। শেহতীয়া কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে এই উপাদানসমূহে তেজত থকা ‘বেয়া’ কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, আনকি চেনিৰ মাত্ৰাও স্বাভাৱিক কৰি ৰখাতো সহায় কৰে। কিন্তু পুষ্টিবিদসকলে কয় যে আদা বেছিকৈ খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক। আকৌ কিছুমান ঔষধ আছে যাৰ লগত আদাই পাৰস্পৰিক ক্ৰিয়া কৰিব পাৰে। আপুনি জানেনে সেইবোৰ কি?
১. তেজ পাতল কৰা ঔষধ:
আদাত এনে উপাদান থাকে যিয়ে প্ৰাকৃতিক ‘তেজ পাতল কৰা’ হিচাপে কাম কৰে। যদি আন কোনোবাই লগত “ব্লাড থিনাৰ” ঔষধ লৈ আছে তেন্তে ইয়াৰ বিপৰীত ফল হ’ব পাৰে।
২. ডায়েবেটিছৰ ঔষধ:
ডায়েবেটিছ ৰোগীৰ বাবে ইনচুলিন সংবেদনশীলতা অতি গুৰুত্বপূৰ্ণ। এই কামত আদাই সহায় কৰে। কিন্তু যিসকলে দীৰ্ঘদিন ধৰি ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে ঔষধ সেৱন কৰি আহিছে তেওঁলোকৰ বাবে আদা বিপদজনক হ’ব পাৰে। ঔষধ আৰু আদা একেলগে খালে তেজত শৰ্কৰাৰ মাত্ৰা হঠাৎ কম হ’ব পাৰে।
৩. উচ্চ ৰক্তচাপ স্বাভাৱিক কৰাৰ ঔষধ:
বহুতে ৰক্তচাপ স্বাভাৱিক কৰি ৰাখিবলৈ নিয়মিতভাৱে ঔষধ সেৱন কৰে। আদাত থকা কেইবাটাও উপাদানেও ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। একে সময়তে আদা আৰু ঔষধ সেৱন কৰিলে শর্কৰা নিয়ন্ত্ৰণত জটিলতা আহিব পাৰে।
সেই ক্ষেত্ৰত আদা কিমান খাব পাৰি?
চিকিৎসকৰ মতে প্ৰাপ্তবয়স্কৰ বাবে আদা সৰ্বাধিক পৰিমাণ ৪ গ্ৰাম। অৰ্থাৎ ৰাতিপুৱাৰ আদাৰ চাহ, তৰকাৰী, মাছ আৰু মাংস – মুঠতে ২ চামুচতকৈ বেছি আদা খাব নালাগে ।